ইউটিউবত ৰাজত্ব কৰাৰ পাছত বলিউডত নামিব কেৰিমিনাটি

871900 carryminati 093019

জনপ্ৰিয় ইউটিউবাৰ অজয় নাগৰে এইবাৰ ভৰি থ’ব বলিউডত । ‘কেৰিমিনাটি’ নামে খ্যাত অজয়ৰ বৰ্তমান চাবস্ক্ৰাইবাৰ ২৭ মিলিয়নৰো অধিক । দীৰ্ঘদিন ইউটিউবত ৰাজত্ব কৰাৰ পাছত এতিয়া অভিনয় জগততো অভিলেখ গঢ়িব বিচাৰিছে তেওঁ ।

সূত্ৰ অনুসৰি, অমিতাভ বচ্চন আৰু অজয় দেৱগণৰ থ্ৰিলাৰ চলচ্চিত্ৰ ‘মে ডে’ত দেখা পোৱা যাব ২১ বছৰীয়া ইউটিউবাৰক । এই চলচ্চিত্ৰত এজন ছ’চিয়েল মিডিয়া তাৰকাৰ ৰূপত অভিনয় কৰিব তেওঁ । বাস্তৱিকতাৰ স’তে সাদৃশ্য থকাৰ বাবেই চলচ্চিত্ৰত অভিনয় কৰিবলৈ মান্তি হয় ‘কেৰি’ ।

এক সংবাদ মাধ্যমত কেৰিয়ে কয়, ‘সৰুৰ পৰাই মই অভিনয় কৰো । সেয়েহে মোৰ মা-দেউতাই ভাবিছিল ডাঙৰ হৈ মই অভিনেতা হ’ম । গীতৰ দৰে স্বাভাৱিকভাৱেই অভিনয় কৰিব পাৰো মই । অভিনয় মোৰ বাবে খুব কঠিন নহয় ।’

কেৰি আশাবাদী এই চলচ্চিত্ৰখন কৰি অভিনয়ৰ বিষয়ে বহু কথা শিকিব পাৰিব তেওঁ ।‌ চলচ্চিত্ৰত অভিনয় কৰিলেও ইউটিউবক বাদ দিয়া নাই তেওঁ । অনুৰাগীসকলক আশ্বাস দি কয় যে, পূৰ্বৰ দৰেই ভিডিঅ’ বনাই আনন্দ প্ৰদান কৰিব তেওঁ ।

বিগত ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে চলচ্চিত্ৰৰ ছুটিং । অতি শীঘ্ৰে কেৰিও যোগ দিব হায়দৰাবাদত । ২০২১ৰ ২৯ এপ্ৰিলত মুক্তি পোৱাৰ সম্ভাৱনা আছে চলচ্চিত্ৰখন ।

Exit mobile version