কামৰূপৰ জাওকাটাদিয়াত আঞ্চলিক বজাৰ প্ৰাংগণত ৰবিবাৰে অসম মিঞা পৰিষদ কামৰূপ জিলা সমিতিৰ উদ্যোগত কিছুদিন আগত বৰপেটা হাউলিৰ জেছমিনা আখতাৰক ধৰ্ষণ কৰি হত্যা কৰা পাষণ্ডক ফাঁচিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।
প্ৰতিবাদী কাৰ্যসূচীত অসম-মিঞা (অসমীয়া) পৰিষদৰ কৰ্মকৰ্তাসকলে হাতে হাতে প্লে কাৰ্ড লৈ জেছমিনা আখতাৰৰ ধৰ্ষণকাৰীৰ ফাঁচি বিচাৰি, নাৰী নিৰ্যাতন বন্ধ কৰক, আমাৰ দাবী ন্যায্য দাবী, উই ৱাণ্ট জাষ্টিচ , অসম মিঞা পৰিষদ জিন্দাবাদ,জয় আই অসম আদি ধ্বনিৰে বকোৰ জাওকাটা বজাৰৰ পৰিৱেশ উত্তাল কৰি তোলে।