বৰপেটাৰ কাটাঝাৰৰ উচ্ছেদিত পৰিয়ালক সহায়ৰ হাত জমিয়ত উলামা হিন্দৰ

37900f45 d580 4d46 97a5 c2572b21befc

বাগচা জিলাৰ সমীপৱৰ্তী তথা বৰপেটা জিলাৰ কাটাঝাৰৰ অৰ্ধশতাধিক পৰিয়ালক যোৱা ১৪ ডিচেম্বৰত বৰপেটা জিলা প্ৰশাসনে কোনো ধৰণৰ আগতিয়া জাননী নিদিয়াকৈ উচ্ছেদ কৰিছিল ৷ বেঁকী নৈৰ গৰাখহনীয়াত সৰ্বস্বান্ত হৈ প্ৰায় ২০ বছৰ ধৰি চৰকাৰী ভূমিত বাস কৰা পৰিয়ালসমূহক উচ্ছেদৰ পিছতে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ৷ উচ্ছেদৰ পিছতো চৰকাৰৰ ফালৰপৰা কোনো ধৰণৰ সহায়ৰ হাত আগ নবঢ়োৱা পৰিয়ালসমূহে আজি পৰ্যন্ত কোনোৱে পথৰ দাঁতিত, কোনোৱে পথাৰৰ মাজত ত্ৰিপাল টানি, কোনোৱে আন পৰিয়ালৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷

জমিয়ত উলামা হিন্দৰ অসম শাখাই এআইইউডিএফ দলৰ সহযোগত থিয় দি উচ্ছেদিত পৰিয়ালসমূহক সহায়ৰ হাত আগবঢ়ায় ৷ উচ্ছেদিত পৰিয়ালসমূহক চাউল, দাইল, আলু, পিয়াঁজ, চেনি, বিস্কুট, চাৰ্ফ, চাবোনকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানৰ লগতে প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো পৰিয়াললৈ একোখনকৈ কম্বল প্ৰদান কৰে৷ ইয়াৰ মাজতে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা এখন সভাত এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে ভিডিঅ’ কনফাৰেন্স যোগে উচ্ছেদিত পৰিয়ালসমূহৰ লগত বাৰ্তালাপ কৰে ৷

অনাগত দিনত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ লগতে আইনী প্ৰক্ৰিয়াত সহযোগ কৰাৰ কথা ঘোষণা কৰে বদৰুদ্দিন আজমলে৷ সাহায্য প্ৰদানৰ এই অনুষ্ঠানত এআইইউডিএফৰ বৰপেটা জিলা সভাপতি মুফতি শ্যামচুদ্দিন, বৰপেটা জিলা সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুন, কেন্দ্ৰীয় সম্পাদক এডভোকেট মনতাজ, এআইইউডিএফৰ সৰভোগ সমষ্টিৰ সভাপতি মহিৰ উদ্দিন মণ্ডল, জমিয়ত উলেমা ই হিন্দৰ বাক্সা জিলা সভাপতি হাফিজ বিল্লাল আহমেদ, এআইইউডিএফ নেতা তথা সদ্য সমাপ্ত বিটিচি পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছ এআইইউডিএফৰ মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী ফাৰহাদ আলী আহমেদকে ধৰি এআইইউডিএফ আৰু জমিয়তৰ বহুসংখ্যক নেতাকৰ্মী উপস্থিত থাকে৷

Exit mobile version