২০ লাখ টকাৰ হীৰা চোৰ কৰাৰ অভিযোগত অভিযুক্ত নেহাল মোদী

Modi3

পুনৰ চোৰী কাৰ্যত অভিযুক্ত নিৰৱ মোদীৰ পৰিয়াল । এইবাৰ আমেৰিকাৰ এখন কোম্পানীৰ পৰা ২৬ লাখ টকা মূল্যৰ হীৰা চোৰ কৰাৰ অভিযোগ‌ উত্থাপন হৈছে নিৰৱৰ ভাতৃ নেহাল মোদীৰ বিৰুদ্ধে ।

ADVERTISEMENT

২০১৫ৰ এপ্ৰিল-মে’ৰ ভিতৰত আমেৰিকাৰ এল এল ডি ডাইমণ্ডছ কোম্পানীৰ পৰা প্ৰায় ২৬ লাখ‌ টকা মূল্যৰ হীৰা ধাৰত লৈছিল বুলি অভিযোগ উত্থাপন হৈছে নেহাল মোদীৰ বিৰুদ্ধে ।

যোৱা ১৮ ডিচেম্বৰত আমেৰিকাৰ মেনহেটেন ডিষ্ট্ৰিক্ট এটৰ্ণিয়ে দিয়া তথ্য অনুসৰি, নেহাল মোদীয়ে নিউ য়ৰ্ক উচ্চতম ন্যায়ালয়ত উপস্থিত হ’ব লাগিব । এণ্টৱাৰ্পৰ বাসিন্দা নেহাল মোদীক পি এন বিৰ আৰ্থিক দুৰ্নীতিৰ সন্দৰ্ভতো খুজ-পাতল কৰা হৈছে ।

এটৰ্ণি কাৰ্যালয়ৰ বিবৃতি অনুসৰি এল এল ডি ডাইমণ্ডছ কোম্পানীত গৈ নেহালে কৈছিল, ‘কষ্টক’ হ’লচেল কৰ্প’ৰেচনৰ স’তে তেওঁৰ সম্পৰ্ক আছে আৰু সেয়েহে তেঁওক প্ৰায় আঠ লাখ মাৰ্কিন ডলাৰ মূল্যৰ হীৰাৰ প্ৰয়োজন কষ্টক’ক বিক্ৰী কৰিবলৈ ।’

লগতে তেওঁ কয় যে, কষ্টক’ই এই চুক্তিত সন্মতি জনাইছে । ইয়াৰ পাছতেই নেহালে হীৰা ক্ৰয় কৰে আৰু স্বল্পম্যাদী ঋণ গ্ৰহণ কৰে । এল এল ডি কোম্পানীৰ কিছু ঋণ পৰিশোধ কৰিলেও সৰহভাগ টকা নিজৰ কামতেই ব্যৱহাৰ কৰে নেহালে ।

Exit mobile version