৫২বাৰ ৰক্ত দান কৰিলে এজন যুৱকে:তেজপুৰত ৰক্তদান শিৱিৰ

im 167023

তেজপুৰৰ এছ এম বি জিমনেচিয়ামৰ উদ্যোগত আৰু ভাৰতীয় ৰেড় ক্ৰছ চচাইটিৰ সহযােগত আজি তেজপুৰৰ নপাম এম ভি স্কুলত এক ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰে। এই বিশেষ ৰক্তদান শিৱিৰৰ আয়ােজক সদস্য ৰাকিব শ্বেইখে আজি তেওঁৰ ৫২সংখ্যক ৰক্তদান কৰাৰ লগতে তেজপুৰৰ এগৰাকী দিব্যাংগ যুৱক ছাহজাদা হুছেইনে ষষ্ঠ বাৰলৈ ৰক্তদান কৰে ৷

উল্লেখযােগ্য যে, নিজ মাতৃৰ অসুস্থতাৰ সময়ত মাত্র ১৭বছৰ বয়সতে প্রকৃত বয়স লুকুৱাই ৰক্তদান আৰম্ভ কৰা ৰাকিবে ইয়াৰ পাছৰে পৰাই নিয়মীয়াকৈ আৰ্তজনক ৰক্তদান কৰি আহিছে৷ বর্তমান তেজপুৰত এজন ৰক্তদাতা হিছাপে আৰু ৰক্তদানৰ বাবে সকলােকে সজাগ কৰা যুৱক হিচাপে সুপৰিচিত হৈ পৰিছে। আজি আয়ােজিত শিবিৰত অর্ধশতাধিক স্থানীয় যুৱকৰ লগতে ৰাকিবেও ব্যক্তিগত ভাবে ৫২বাৰলৈ ৰক্তদান কৰে।

ইয়াৰ পূর্বে আয়ােজিত এক সভাতঅৱসৰ প্রাপ্ত শিক্ষক তথা সমাজকর্মী শ্বেইখ চাহাবুদ্দিন , ৰেড় ক্রচ চচাইটি তেজপুৰ শাখাৰ সভাপতি হেমেন শর্মা, সদস্য হেমন্ত কাকতি, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ধনপতি ডেকা, কনকলতা অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভৰাল চিকিৎসক জিতুমনি বেজবৰুৱা, পূৱ তেজপুৰ ক্রীড়া সন্থাৰ সভাপতি লক্ষীকান্ত শর্মা,লনিতা বৰুৱা আদি সকলক সম্বৰ্ধনা জনােৱা হয় ৷

এছ এম বি জিমনেচিয়ামৰ সাধাৰণ সম্পাদক মােজাহিদ ৰজাই আঁত ধৰা এই সভাত সমাজকর্মী শ্বেইখ ছাহাবুদ্দিনে কয় যে ৰক্তদানে এজন ৰােগীকেই নহয়,দেশৰ পৰিবেশে সুস্থ কৰি তুলিব পাৰে। তেওঁৰ পৰিয়ালে ২০০২ৰ পৰাই কৰি অহা ৰক্তদানৰে সমাজৰ বহুলােকৰ স’তে আত্মীয়তা গঢ়ি তােলা বুলিও উল্লেখ কৰে৷একেলগে ছজন কৈ দাতাই ৰক্ত দান কৰিব পৰা এই শিবিৰত আজি মুঠ ৫২ ইউনিট ৰক্ত সংগৃহিত হয় ৷

Exit mobile version