দিল্লীৰ সীমান্তত প্ৰতিবাদী কৃষকৰ ‘ৰিলে অনশন’

WhatsApp Image 2020 12

দিল্লী সীমান্তত কৃষকসকলৰ আন্দোলনৰ আজি ২৬তম দিন । নতুন কৃষি আইন বাতিল কৰিবৰ বাবে কেন্দ্ৰৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে কৃষকসকলে । সেয়েহে তেওঁলোকে আজিৰ পৰাই ‘ৰিলে অনশন’ আৰম্ভ কৰিছে । ভাৰতৰ অন্যান্য ৰাজ্যৰ কৃষকসকলক আন্দোলনত যোগদান দিবলৈ প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী ‘মন কি বাত’ অনুষ্ঠানত কাঁহী বজায় প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অনুৰোধ জনায় ।

দেওবাৰে সন্ধিয়া স্বৰাজ ইন্দিয়াৰ মুখ্য যোগেন্দ্ৰ‌যাদৱে কয়, ‘সোমবাৰৰ পৰা ২৪ ঘণ্টিয়া ‘ৰিলে অনশন’ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । দিল্লী সীমান্তৰ সকলো প্ৰতিবাদস্থলীতেই এই আন্দোলন সাব্যস্ত কৰা হ’ব । কমেও ১১ জন কৃষকে এই অনশনত বহিব । দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলক আমাৰ স’তে যোগ দিবলৈ আহ্বান জনাইছো ।’

প্ৰতিবাদী কৃষক সংগঠনবোৰে অনশনৰ লগতে আগন্তুক দিনৰ আন্দোলনৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে । ভাৰতত প্ৰতি বছৰে ২৩ ডিচেম্বৰত কৃষক দিৱস পালন কৰা হয় । সেইদিনা দেশৰ সমগ্ৰ কৃষকক খাদ্য গ্ৰহণ নকৰিবলৈ অনুৰোধ জনাইছে কৃষক সংগঠনবোৰে ।

এই সন্দৰ্ভত ভাৰতীয় কিষান ইউনিয়নৰ ৰাকেশ টিকাইটে কয়, ‘এই কিমান দিৱসত দেশৰ সকলো কৃষকক এবেলা খাদ্য গ্ৰহণ নকৰিবলৈ অনুৰোধ জনাইছো । যিয়ে মানৱজাতিক খাদ্যৰ যোগান ধৰে তেওঁলোকেই ক্ষুধাত থাকিব । কাৰণ চৰকাৰে কৃষি বিৰোধী পদক্ষেপ গ্ৰহণ কৰিছে । মই সকলোকে অনুৰোধ কৰিছো সিদিনা নাৰান্ধিবলে আৰু কৃষকসকলৰ স’তে যোগ দিবলে ।’

আগন্তুক ২৭ ডিচেম্বৰত প্ৰতি মাহৰ দৰে এই মাহতো ‘মন‌ কি বাত’ প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কৰ’না কালত প্ৰধানমন্ত্ৰীয়ে যিদৰে দেশবাসীক কাঁহী বজাবলৈ অনুৰোধ জনাইছিল ঠিক সেইদৰেই প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ অনুষ্ঠান চলি থকাৰ সময়তে সকলো দেশবাসীকে কাঁহী বজায় প্ৰতিবাদ কৰিবলৈ অনুৰোধ জনায় কৃষকসকলে ।

Exit mobile version