দুৰ্নীতিৰ শূন্য সহনশীলতা কথা কোৱা চৰকাৰৰ আঁচনি কিমান দুৰ্নীতিমুক্ত ?

WhatsApp Image 2020 12 21 at 1.39.51 PM

এইবাৰ অৰুনোদয়ৰ আঁচনিৰ নামত ধন সংগ্ৰহ ৰাইজৰ দ্বাৰা নিৰ্বাচিত পঞ্চায়ত সদস্যাৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং চিল্যাপাৰা গাঁৱৰ পঞ্চায়ত সদস্যা লিপিকা দাসৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ হিতাধিকাৰীৰ। ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি “অৰুণোদয়”ৰ ধন প্ৰদানৰ পাছত দিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰ সম্বলিত মানপত্ৰ বিতৰণৰ নামতো পঞ্চায়ত সদস্যাগৰাকীয়ে হিতাধিকাৰীৰ পৰা ৫০ৰ পৰা ১০০ টকালৈ ধনৰ দাবী কৰা বুলি অভিযোগ উত্থাপন হৈছে ।

উৎকোচ নিদিলে অৰুণোদয় আঁচনিৰ ধন পোৱাৰ পৰা বঞ্চিত কৰাৰ ভাবুকি দিয়াৰ অভিযোগ লিপিকা দাসৰ বিৰুদ্ধে । উল্লেখযোগ্য যে ইতিপূৰ্বে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ প্ৰদানৰ নামতো পঞ্চায়ত সদস্যাগৰাকীয়ে ধন লোৱা অভিযোগ উত্থাপিত হৈছে ।

সদস্যাগৰাকীৰ বিভিন্ন অভিযোগ গাঁও পঞ্চায়তৰ সভাপতি-সম্পাদকক জনোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।
ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, ‘কাৰ মৰসাহত বলীয়ান সৃজনগ্ৰাম গাঁও পঞ্চায়তৰ বিভিন্ন সদস্যা তথা বিষয়ববীয়া? ৰাইজৰ অভিযোগৰ পিছতো কিয় নিশ্চুপ বিভাগীয় কৰ্তৃপক্ষ ?’ উপযুক্ত তদন্তৰ দাবী ৰাইজৰ।

Exit mobile version