পবিন্দ্ৰ ডেকা দল বাগৰা, সুবিধাবাদী নেতা

WhatsApp Image 2020 12 21 at 7.10.28 PM

অচল টকাত পৰিণত হোৱা পবিন্দ্ৰ ডেকাৰ নেতৃত্ব দিব পৰাৰ যোগ্যতা নাই ||

আজি পাঠশালাস্থিত বিজেপিৰ মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত এখধ সংবাদমেল অনুষ্ঠিত হয় । এই সংবাদমেলত বিধায়ক ডেকাক তীব্ৰ কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা মুখপাত্ৰ ফণী পাঠকে কয় যে, অগপৰ পৰা পদত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিলেও পাটাছাৰকুছিত নেতৃত্ব দিব পৰা ক্ষমতা নাই পবিন্দ্ৰ ডেকাৰ৷ আগন্তুক নিৰ্বাচনত পাটাছাৰকুছিৰ পৰা সমূলি উৎখাত হ’ব সুবিধাবাদী চৰিত্ৰৰ নেতা ডেকাক ৷

লগতে তেওঁ কয়, “পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকা এগৰাকী দল বাগৰা, সুবিধাবাদী নেতা৷ য’তেই তেওঁ সুবিধা পায় তাতেই মন মেলে৷ বিগত প্ৰায় পাঁচ বছৰে ডেকাই পাটাছাৰকুছি সমষ্টিৰ বিধায়ক হিচাপে উন্নয়নৰ নামত একপ্ৰকাৰ ৰাইজক আভুৱা ভাৰি আহিছে৷ সুবিধাবাদী চৰিত্ৰৰ নেতা হিচাপে বৰ্তমান ৰাইজৰ মাজত চৰ্চিত হোৱা পবিন্দ্ৰ ডেকা এতিয়া অচল টকা৷”

পাঠকে বিধায়ক ডেকাক পুনৰ কটাক্ষ কৰি কয় যে, পবিন্দ্ৰ ডেকাই কংগ্ৰেছ দল, জনতা দলত যোগদান কৰাৰ সময়তেই ডেকাই আঞ্চলিকতাবাদৰ আস্থাক কুঠাৰাঘাত কৰিছে৷ বিগত নিৰ্বাচনত বিজেপি অগপৰ মিত্ৰজোঁটৰ ফলত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক হ’বলৈ সক্ষম হোৱা বাবে ডেকাই দলবিৰোধী কাৰ্যত লিপ্ত হৈছে । সুবিধা লাভৰ বাবে পুনৰ অগপ দল ত্যাগ কৰি নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদত যোগদান কৰিলে যদিও ২০২১ৰ নিৰ্বাচনত পাটাছাৰকুছিৰ পৰা আঞ্চলিকতাবাদৰ মুখাপিন্ধা পবিন্দ্ৰ ডেকাৰ ৰাজনৈতিক জীৱন নিঃশেষ হ’ব বুলিও সংবাদমেলত পাঠকে সৰৱ হৈ পৰে৷

আগন্তুক নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিত পুনৰ অগপ বিজেপিৰ মিত্ৰজোঁট হ’লে বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰিব নে? বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে অতি কৌশলপূৰ্ণভাৱে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই এই বিষয়ে সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰে৷

Exit mobile version