চাইকেলেৰে হেজাৰ কিলোমিটাৰ ভ্ৰমণ আশী বছৰীয়া ককাৰ

IMG 20201221 WA0040

বৰপেটা জিলাৰ সৰভোগৰ ৰজনীকান্ত ৰয় নামৰ এজন প্ৰায় আশী বছৰীয়া ককাই ৰোৱা ছয় ডিচেম্বৰৰ পৰা হেজাৰ কিলোমিটাৰ পথ চাইকেল চলাই আহি যোৱা নিশা শিৱসাগৰত উপস্থিত হ’লহি ।

ADVERTISEMENT

উজনি অসম চোৱাৰ হেঁপাহত ককাই এইদৰে বাটকুৰি বাই শিৱসাগৰত থকা আহোমৰ ৰাজধানী ৰংপুৰত উপস্থিত হৈ আজি দৰ্শন কৰিলে ৰংঘৰ-কাৰেংঘৰকে ধৰি বহু পুৰণি কীৰ্তিচিহ্ন। ইয়াৰ পাছতেই তেওঁ ৰাওনা হৈছে তিনিচুকীয়ালৈ । তিনিচুকীয়াৰ টিলিঙা মন্দিৰ দৰ্শন কৰি ঢলা-শদিয়াৰ দলং চাব ককাই । তাৰপাছত তেওঁ পুনৰ সৰভোগলৈ উভটনি মাত্ৰা কৰিব বুলি জানিবলৈ দিয়ে ।

আজিৰ যাতায়তৰ ইমান সুবিধা থকাৰ দিনত কিহৰ তাড়নাত ককাই এইদৰে হেজাৰ কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰিছে সেই বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয়, ‘ফুৰাৰ চখ মিটাবলৈ যত্ন কৰাৰ লগতে শৰীৰটো মজবুত হৈ আছেনে নাই তাকেই চাব বিচাৰিছো ।’

উল্লেখ্যযোগ্য যে, প্ৰায় আশী বছৰীয়া এজন ককাৰ হেজাৰ কিলোমিটাৰ চাইকেল ভ্ৰমণে নতুন প্ৰজন্মক উৎসাহিত কৰিব বুলি মন্তব্য কৰিছে শিৱসাগৰৰ একাংশ সচেতন নাগৰিকে ।

Exit mobile version