মাতৃৰ আইপেডৰ দ্বাৰা গেম ক্রয় : কণমানি সন্ধানে ব্যয় কৰিলে ১১ লাখ টকা

kid using mobile stock image

মাতৃৰ আইপেডৰ দ্বাৰা গেম ক্রয় কৰি ১১ লাখ টকা ব্যয় কৰিলে এটি কণমানিয়ে। মাত্র ছবছৰীয়া জর্জ জনছন নামৰ এই কণমানিটো আমেৰিকাৰ উলিংটনৰ বাসিন্দা। কণমানিটোৱে বিশেষভাৱে পছন্দ কৰে সেনাবাহিনীৰ ভিডিঅ’ গেম খেলিবলৈ। সেয়েহে মাতৃৰ আইপেডৰ দ্বাৰা ১৬ হেজাৰ ডলাৰৰ গেম ক্ৰয় কৰি পেলায়।

ভাৰতীয় মুদ্রাত ই হ’বগৈ প্রায় ১১ লাখ টকা। বেংক একাউণ্টৰ পৰা হঠাতে ইমান বিশাল অংকৰ ধন নােহােৱা হােৱাত কণমানিটোৰ মাতৃ জেছিকাই প্রথমে প্ৰতাৰণাৰ বলি হােৱা বুলি ভাবে; কিন্তু বেংকলৈ যােৱাৰ পাছত সমগ্ৰ বিষয়টো পৰিষ্কাৰ হৈ পৰে। ঘটনাটো সংঘটিত হয় যােৱা জুন-জুলাইৰ সময়ত।মাতৃ জেছিকাই ঘটনাটো যােৱা ন জুলাইতহে জানিব পাৰে ।

সেই সময়ত জেছিকাই নিজৰ ক্রেডিট কার্ড পৰা আঢ়ৈ হেজাৰ ডলাৰ কাটি ৰখাৰ কথা জানিব পাৰে। অধিক খবৰ লােৱাৰ পাছত ‘এপল’ আৰু ‘পে পেল’ৰ পৰা এই ধন কাটি নিয়াৰ বিষয়ে জ্ঞাত হয়; কিন্তু কেইদিনমানৰ ভিতৰতে কাটি ৰখা ধনৰ অংকই ১৬,২৯৩ ডলাৰলৈ বর্ধিত হয়।

জেছিকাই বেংকত প্ৰতাৰণাৰ গােচৰ দিব বিচৰাত এই বিষয়ত এপলৰ লগত যােগযােগ কৰাৰহে পৰামর্শ ব্যক্ত কৰে। এই যােগাযােগৰ পাছত জেছিকাই জানিব পাৰে যে সেনাবাহিনীৰ গেমত নতুন চৰিত্ৰ তথা অধিক সুবিধা পাব পৰাকৈ ভাচুৱেল গল্ড ৰিংসহ বিভিন্ন সামগ্রী ক্রয় কৰিছে জর্জে ।

জেছিকাই ক’ব নােৱাৰাকৈয়ে ইয়াৰ ফলত বেংক একাউণ্টৰ কাটি ৰখা হয় এই বৃহৎ সংখ্যাৰ ধন ৰাশি; কিন্তু মাতৃৰ বেংক একাউণ্টৰ পৰা এই বৃহৎ সংখ্যাৰ ধন নােহােৱা হােৱাৰ পাছতাে সম্পূর্ণ নির্বিকাৰ হৈ আছে কণমানিটো। মাতৃয়ে জনােৱা অনুসৰি ভৱিষ্যতে ডাঙৰ হ’লে এই টকা জর্জে ওভতাই দিব বুলি তেওঁক প্রতিশ্রুতি দিছে।

Exit mobile version