গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ছাত্ৰ নেতাৰ বিলাহী খেতিত দুৰ্বৃত্তৰ তাণ্ডৱ

54a285eb a622 44c6 a2fb 59dd37ec0447

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিটিএডি সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক তথা বাগছা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত গোৱৰ্দ্ধনা গাঁৱৰ আজিজুৰ ৰহমানৰ বিলাহী খেতিত নিশা দুৰ্বৃত্তই তাণ্ডৱ চলাই । এবিঘা মাটিত ৰোপন কৰা বিলাহী গছ কাটি তহিলং কৰে ৷ আজিজুৰ ৰহমানে এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰি ৰহমানে কয় যে, বিটিচি নিৰ্বাচনৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ।

সেয়েহে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ বিৰোধীয়ে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰে৷তেওঁ লগতে কয় যে, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিটিএডি সমন্বয়ৰক্ষী সমিতিয়ে বিটিচি নিৰ্বাচনত বিপিএফ দলক পূৰ্ণ সমৰ্থন কৰিছিল ৷

ইয়াৰ পাছৰ পৰাই এচাম লোকে সমাজিক মাধ্যমত ছাত্ৰ নেতা আজিজুৰ ৰহমানৰ লগতে সংগঠনটোক উদ্দেশ্যি বিভিন্ন ধৰণৰ কটু সমালোচনা কৰি আহিছে । তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নোৱাৰি দুৰ্বৃত্তই বিলাহী খেতি নষ্ট কৰে ৷ আৰক্ষীক উক্ত ঘটনাৰ তদন্ত কৰি দোষীক চিনাক্ত কৰিবলৈ দাবী জনাইছে ভুক্তভোগী আজিজুৰ ৰহমানে ৷

Exit mobile version