জাপানৰ নিশিয়ামা ওনচেন কেইয়ুন কান বিশ্বৰ প্রাচীনতম হােটেল

Hotel Mountains Lead

চৰাইখানা, মুছাফিখানা, পান্থ নিবাসৰ পৰা আহি পাশ্চাত্যৰ ইন’। বিভিন্ন নামেৰে প্রচীন কালৰে পৰা অতিথিক সেৱা কৰি আহিছে বিশ্রামগৃহ বিলাকে। অৱশ্যে আজি সকলাে মিলি ‘হােটেল’ৰ নামত সকলাে একাকাৰ হৈ পৰিছে। ইংৰাজীত এই শব্দটো আহিছে ফৰাচী শব্দ ‘ওতেল’ৰ পৰা। এই ক্ষেত্ৰত এডাল চেইনৰ দৰে সময়ক সামৰি থৈছে জাপানৰ এখন হােটেলে। বিশ্বৰ এইখন প্রাচীনতম হােটেল। নাম ‘নিশিয়ামা ওনচেন কেইন কান’।

এই হােটেলখনে ৭০৫ খ্রীষ্টাব্দৰ পৰাই অতিথি সেৱা অব্যাহত ৰাখিছে। জাপানৰ ফুজিয়ামা পৰ্বতৰ ওচৰত থকা এই হােটেলখন পর্যটকৰ বাবে অতিকৈ প্রিয়। এটা পৰিয়ালৰ ৫২টা প্রজন্মই পর্যায়ক্রমে হােটেলখনৰ দায়িত্বভাৰ বহন কৰি আহিছে। প্রাচীনতম সময়ৰে পৰা একেধাৰে সক্রিয় হৈ থকা হেতুকে ২০১১ত হােটেলখনে গিনিজ বুক অৱ ৱর্ল্ড ৰেকৰ্ডত স্থান দখল কৰিবলৈকো সক্ষম হৈছে।

১৩১৫ বছৰ পুৰণি হােটেলখনৰ প্ৰথমজন গৰাকীৰ দায়িত্ব বহন কৰিছিল ফুজিৱাৰা মাহিতােৰে। ফুজিৱাৰাৰ পিতৃ আছিল জাপানৰ ৩৮ সংখ্যক সম্রাট তেনজিৰ অতিকৈ ঘনিষ্ঠ। স্থাপন কালৰ সময়ৰে পৰা ফুজিৱাৰাৰ বংশধৰসকলেই হােটেলখনৰ গৰাকী স্বত্ব দখল কৰি আহিছে। এনে গৰাকীৰ ভিতৰত অৱশ্যে তুলি লােৱা সন্তানাে আছে। সময়ৰ স’তে হােটেলখনৰ এতিয়ালৈ বহু পৰিৱর্তন সাধন কৰা হৈছে, কিন্তু এই পৰিৱর্তনৰ মাজতাে জাপানৰ পৰম্পৰাগত ৰীতি-নীতিক ধৰি ৰখা হৈছে। সুপ্রাচীন এই হােটেলৰ মূল আকর্ষণ হ’ল উষ্ণ প্রস্রবন।

চামুৰাই যােদ্ধা, প্রথ্যাত ৰাজনীতিকসহ বিভিন্ন ক্ষেত্ৰৰ বহু খ্যাতনামা ব্যক্তিয়ে প্রাচীন কালৰে পৰা এই হােটেলখনৰ আতিথ্য গ্রহণ কৰি আহিছে। বর্তমান এই হােটেলত এনিশাৰ নিম্নতম ব্যয় ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩৫ হেজাৰ টকাৰাে অধিক। জাপানৰ হায়াকাওৱা প্রদেশৰ আকাইছি পবর্তৰ পাদদেশত হােটেলখনৰ উষ্ণ জলৰাশিৰ উৎস হ’ল স্থানীয় হাকুহাে প্রস্রবন। অতিথিৰ বাবে হােটেলখনত মুঠতে ৩৭টা ঘৰ আছে।

কেইবছৰমান পূর্বে হােটেলখনৰ প্ৰতিটো ঘৰেই উষ্ণ জলৰাশি লাভ কৰিব পৰাৰ ব্যৱস্থা কৰা হয়। যাতে অতিথিসকলে হট প্রিং বাথ’ৰ সুবিধা নিজে থকা ঘৰটোতেই লাভ কৰিব পাৰে তেনে উদ্দেশ্যেৰেই এই ব্যৱস্থা কৰা হৈছে। ফুজিয়ামা পৰ্বতৰ ওচৰত থাকিলেও কিন্তু হােটেলখনৰ পৰা পর্বতখন দেখিবলৈ পােৱা নাযায়। অৱশ্যে হােটেলখনৰ পৰা পৰিষ্কাৰ আকাশত পূর্ণিমাৰ চন্দ্র চোৱাটো আন এক আকর্ষণ। ইয়াৰ বাবে হােটেলত আছে মুন ভিউয়িং’ মঞ্চ।

বিভিন্ন সাজ-সজ্জাৰ বাহিৰেও হােটেলৰ কৰ্মীসকলৰ পােছাকতাে দেখিবলৈ পােৱা যায় জাপানৰ ঐতিহ্য। হােটেলখনত বিভিন্ন খাদ্য সমাহাৰ লাভ কৰিলেও পর্যটকৰ বাবে প্রথম পছন্দ হৈছে জাপানী খাদ্য। প্রাচীনতম ঐতিহ্য অব্যাহত ৰাখি বিশ্বৰ বিভিন্ন প্রান্তত এতিয়াও বহুকেইখন হােটেলে সেৱা আগবঢ়াই আহিছে। ইংলণ্ডৰ নউইচৰ ‘মেইডছ হেজ হােটেল এই ক্ষেত্ৰত অন্যতম। পঞ্চদশ শতিকাতে প্রতিষ্ঠিত এই হােটেলখনৰ ৱৰ্কৰূমত বহি চাহৰ পিয়লাত চুমুক দিয়াৰ মজাই পৃথক।

ইংলণ্ডৰ আন এখন প্রাচীন হােটেল হৈছে ‘এল্ড হল’ হােটেল। বাক্সটনত আছে এই হােটেলখন। হেজাৰ বছৰ পুৰণি হােটেলখনত ৰবিনছন ক্ৰছৰ লেখক ডেনিয়েল ডেফো অতিথি হৈছিল। ইংলণ্ডৰ বলভণ্টৰ ‘জামাইকা ইন’ৰ আৰম্ভ কৰা হৈছিল ১৭৫০ খ্রীষ্টাব্দত। আমেৰিকাৰ কল’নিয়েল ইন’ আৰু ‘দ্য ওমনি হােমষ্টিড ৰিজর্ট’ৰ নামাে অন্তর্ভুক্ত হৈ আছে বিশ্বৰ প্রাচীনতম হােটেলবিলাকৰ
তালিকাত।

Exit mobile version