ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাটো ৰাইজে বিচাৰিছে

9d6a3f01 f70f 45c7 b783 c6a3adea9599

“বিজেপিয়ে ক্ষমতালৈ আহি বহু অসমীয়া বিৰোধী সিদ্ধান্ত লৈছে ৷ বিজেপিক প্ৰতিহত কৰাটো প্ৰত্যেকগৰাকী দায়বদ্ধ অসমীয়াৰ প্ৰধান কাম৷ বিজেপিক প্ৰতিহত কৰিবলৈ মূল বিৰোধী দল কংগ্ৰেছ সেয়ে যোগদান কৰিছিলো ৷ কিন্তু কংগ্ৰেছৰ সাংগঠনিক স্থিতি অতিকে দূৰ্বল৷ বিজেপিৰ দৰে সুসংগঠিত দলক প্ৰতিহত কৰাত ব্যৰ্থ হৈছে কংগ্ৰেছ দল ৷

যাৰ বাবে নতুনকৈ গঠিত হোৱা আঞ্চলিক দল “ৰাইজৰ দল”ত যোগদান কৰিলো ৷” এই মন্তব্য কমল কুমাৰ মেধিৰ ৷ ৰাইজৰ দলত ন কৈ যোগদান কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা কমল কুমাৰ মেধিয়ে আজি এক আছুতীয়া সাক্ষাৎকাৰত কয় যে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাটো ৰাইজে বিচাৰিছে৷ আঞ্চলিক দলসমূহ একত্ৰিত হ’লে ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাস্ত হ’ব ৷

ৰাইজৰ দলৰ নেতা গৰাকীয়ে কয় যে, যেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন কৰিছিলো তেতিয়া কংগ্ৰেছৰ দুৰ্নীতি, বৃহৎ নদীবান্ধ আদিক লৈ আমি আন্দোলন কৰিছিলো ৷ আমি দেখিছিলো কংগ্ৰেছ দলে অসমীয়া জাতিটোক সাপ হৈ দংশন কৰিবলৈ আহিছিল৷ আমি তাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিলো ৷ কিন্তু যেতিয়া বিজেপি চৰকাৰ ক্ষমতালৈ আহিল তেতিয়া এটাৰ পিছত এটাকৈ এনেকুৱা জনবিৰোধী সিদ্ধান্ত ল’লে কৃষক বিৰোধী, শ্ৰমিক বিৰোধী, নিবনুৱা বিৰোধী ।

লগতে তেওঁ কয় যে, অসমীয়া বিৰোধী ‘কা’ আন্দোলনকলৈ যি পৰিৱেশৰ সৃষ্টি হ’ল তেতিয়াই মনত এটা প্ৰশ্নৰ উদয় হ’ল যে বিজেপিক যিকোনো প্ৰকাৰে প্ৰতিহত কৰাটো উচিত কাম হ’ব৷ সেয়েহে বিকল্প ৰাজনৈতিক দল নথকা হেতু কংগ্ৰেছ দলত যোগদান কৰো৷ কিন্তু কংগ্ৰেছ দলত সক্ৰিয়ভাৱৈ আঢ়ৈ বছৰ কাম কৰাৰ অন্তত দেখিলো কংগ্ৰেছত যি ৰণনীতি আৰু ৰণকৌশলৰ দৰকাৰ সেইয়া দলটোৰ ভিতৰচ’ৰাত নাই ৷নেতৃত্বৰ ক্ষেত্ৰত যি সমন্বয় থাকিব লাগে সেইয়া কংগ্ৰেছত নেদেখিলো ৷ সেয়েহে পুনৰ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আঞ্চলিক দল ৰাইজৰ দলত যোগদান কৰিলো । আজি ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিছো ।

Exit mobile version