তিয়ঁহৰ গুণাগুণ

Savor cucumbers

মানৱ শৰীৰত তিয়ঁহৰ কিছু উপকাৰিতা…

●ৰান্ধিয়ে খাওক বা কেচাই খাওক, গণি শেষ কৰিব নোৱাৰা গুণেৰে সমৃদ্ধ এই তিয়ঁহ।

● তিয়ঁহ ৮৫% পানীৰে পৰিপূৰ্ণ।

● শৰীৰত ভিটামিন শূন্যতা দূৰ কৰাৰ ক্ষেত্ৰতো এই পাছলিৰ ভূমিকা যথেষ্ট ।

●তিয়ঁহ খালে শৰীৰত পানীশূন্যতা দূৰ হয়।

●শৰীৰত বৰ্জিত বিষাক্ত পদাৰ্থবোৰ অপসাৰণৰ ক্ষেত্ৰত তিয়ঁহত থকা ৰস বৰ উপকাৰী।

● পানীৰ উপৰিও তিয়ঁহত থাকে Vitamin A,B আৰু C।

●ৰূপচৰ্চাত তিয়ঁহৰ এক সূকীয়া স্থান আছে ।

●তিয়ঁহত আছে উচ্চমাত্ৰাত পটাছিয়াম, মেগনেছিয়াম,ছিলিকণ যিয়ে মানুহৰ মূখৰ সৌন্দৰ্য্য বৃদ্ধি কৰে ।

●তিয়ঁহ য়ে মানুহৰ হজম শক্তি বৃদ্ধি কৰে লগতে অপ্ৰয়োজনীয় দৈহিক ওজন কমাই।

● ডায়বেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো তিয়হৰ ভূমিকা যথেষ্ট।

●তিয়ঁহৰ ব্যৱহাৰে চুলি আৰু নখ সতেজ কৰি ৰখাত সহায় কৰে।

●তিয়ঁহে প্ৰস্ৰাৱৰ সমস্যা দূৰ কৰাৰ লগতে কিডনি সুস্থ কৰি ৰখাত সহায় কৰে।

●তিয়ঁহ খালে Blood Pressure নিয়ন্ত্ৰণত থাকে।

● তিয়ঁহক এন্টি কেঞ্চাৰ হিচাপেও গণ্য কৰা হয় ।

●তিয়ঁহ বাকলি নুগুচোৱাকৈ খালে ক্ল’ৰিণ, ছালফাৰ ,মেগনেছিয়াম, ছিলিকন আদি উপাদান পোৱা যায়।

●কীট-পতংগই কামুৰিলে তিয়ঁহ লগালে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।

Exit mobile version