প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভৰত নৰহৰ ভেটি উছন হ’ল

WhatsApp Image 2020 12 23 at 7.12.22 PM

ঘিলামৰাত কংগ্ৰেছ এৰি আজি গেৰুৱা বসন পিন্ধিলে কেইবাশ কংগ্ৰেছ কৰ্মীয়ে ।

ADVERTISEMENT

এসময়ত কংগ্ৰেছ দলৰ মজিয়াত চাণক্য আখ্যা পোৱা ঢকুৱাখনাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ ভেটিত খহনীয়াৰ সৃষ্টি কৰি প্ৰায় চাৰিশ কংগ্ৰেছ কৰ্মীয়ে গেৰুৱা দলত যোগদান কৰে ।

মন্ত্ৰী নৱ দলেই নৱাগতসকলক দললৈ আদৰণি জনায় ।

ঘিলামৰাৰ কংগ্ৰেছ নেতা তথা ভৰত নৰহৰ ঘনিষ্ঠৰূপে পৰিচিত মানিক চুতীয়াসহ তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে অগপ, গণশক্তি, টি এম পি কে, এম এম কে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুৱ কংগ্ৰেছ আদিৰো বহু নেতা কৰ্মীয়ে গেৰুৱা দলত যোগদান কৰে ।

আগন্তুক সময়ত সমষ্টিটোত বিৰোধী শূণ্য কৰি উন্নয়নৰ ধাৰণাৰে উত্তৰ পুৰুষৰ বাবে এটা সৰ্বাংগ সুন্দৰ সমষ্টি গঢ় দিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰী নৱ কুমাৰ দলেই ।

Exit mobile version