ভিডিঅটো এগৰাকী বৃদ্ধা মহিলাৰ । মহিলাগৰাকীৰ বয়স হৈছে ৯৫ নাম জোহানাৰ কুৱাছ । ১৯২৫ চনৰ ২০নৱেম্বৰত জন্ম লাভ কৰিছিল জোহানই । ৯৫ বছৰীয়া এই গৰাকী বৃদ্ধা হৈছে এগৰাকী জিমনাষ্টিকছ ।
এই বয়সতো তেওঁ ৰাজহুৱা প্ৰেক্ষাপটত জিমনাষ্টিক পদর্শন কৰিবলৈ সক্ষম। জোহানছে নিজকে কি দৰে সুস্থ কৰি ৰাখিছে তাৰ সম্পৰ্কত তেওঁ কয় যে তেওঁ দৈনিক এঘণ্টাকৈ অনুশীলন কৰাৰ লগতে শাক পাচলি ফল মূল আদি খাই নিজকে সুস্থ সৱল কৰি ৰাখে।
ইয়াৰ উপৰিও তেওঁ নিজৰ বয়সৰ বিষয়ে কয় যে ,”মোৰ মুখখন বৃদ্ধা যদিও মনটো এতিয়াও ডেকা ,মই যিদিনা জিমনাষ্টিকছ কৰা এৰিম, সেই দিনটোৱে হ’ব মোৰ মৃত্যুৰ দিন। মাৰ্কিন বাস্কেটবল খেলুৱৈ ৰেক্স চেপমেনে তেওঁৰ নিজৰ টুইটাৰ একাউন্টত ৯৫বছৰীয়া জোহানাৰ ভিডিঅ পোষ্ট কৰি কয় যে জোহানৰ বাবে বয়স মাত্ৰ এটা সংখ্যা






























