এ পি এছ চি পদলৈ ১৩৫ গৰাকী

Screenshot 160

উচ্চ ন্যায়ালয়ৰ সেউজ সংকেতৰ পাছত আজি অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ দ্বাৰা পৰিচালিত ২০১৮ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় । বিভিন্ন শিতানৰ ২৫৭টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল । ঘোষিত ফলাফল অনুসাৰি অসম অসামৰিক সেৱাৰ (এ চি এছ)ৰ বাবে ১৩৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হয় ।

ADVERTISEMENT

৫৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হয় অসম ভূমি আৰু ৰাজহ সেৱালৈ । অসম আৰক্ষী সেৱালৈ নিৰ্বাচিত প্ৰাৰ্থীৰ সংখ্যা হ’ল আঠ গৰাকী । ইয়াৰ উপৰি কৰ অধীক্ষক পদত ১০ গৰাকী, আবকাৰী অধীক্ষক পদত এগৰাকী, সহকাৰী নিয়োগ বিষয়াৰ পদত দুগৰাকী, শ্ৰম পৰিদৰ্শক পদত ১০ গৰাকী, কৰে পৰিদৰ্শক পদত ৩১ গৰাকী আৰু আবকাৰী পৰিদৰ্শক পদত তিনিগৰাকী প্ৰাৰ্থী নিৰ্বাচিত হয় ।

এই পৰীক্ষাত শীৰ্ষ স্থান দখল কৰে কংকন জ্যোতি শইকীয়াই । উল্লেখ্য যে পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতি অভিযোগৰ ভিত্তিত একাংশ প্ৰাৰ্থীয়ে বিষয়টো ন্যায়ালয়ৰ মজিয়ালৈ লৈ গৈছিল; কিন্তু সকলো দিশ পৰীক্ষা কৰি শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এ পি এছ চিৰ ফলাফল ঘোষণাৰ নিৰ্দেশ দিয়ে ।

Exit mobile version