লাইভঃ ৰাজনৈতিক কাৰণতে কিষান নিধি উন্মোচন কৰা নাই পশ্চিমবংগইঃ প্ৰধানমন্ত্ৰী

Modi 10

কৃষক বিদ্ৰোহ দমন কৰাৰ কোনো পথেই এৰা নাই বিজেপিয়ে । কিন্তু কৃষকসকল আন্দোলনত অটল হৈয়ে আছে । নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দিল্লীৰ ছিংঘু সীমান্ততে শিবিৰ পাতি আছে কৃষকসকলে । অনলাইনযোগে প্ৰতিবাদী কৃষকসকলৰ বাবে বাৰ্তা প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধানমন্ত্ৰীৰ ভাষণ শুনাবৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত জায়েণ্ট স্ক্ৰীন স্থাপন কৰিছে বিজেপিয়ে । পূৰ্বেই প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হৈছে । ইয়াৰ পাছত কৃষকসকলৰ প্ৰতিবাদ অব্যাহত থাকিব নে অন্ত পৰিব সেইয়াই প্ৰশ্নৰ বিষয় । কাৰণ কৃষকসকলে আৰম্ভণিৰ পৰাই দাবী জনায় আহিছে যে, নতুন কৃষি আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব ।

প্ৰধানমন্ত্ৰীৰ বক্তব্য :
●আপোনালোকে তথ্য, যুক্তি, বিবেকেৰে বিবেচনা কৰক
●কৃষকসকললৈ অনুৰোধ কাৰো কথাত ভুল নাযাব, প্ৰতাৰণাৰ বলি নহ’ব
●তেওঁলোকে যি বিবৃতি দিছে, যি কথা কৈছে সেই সকলোবোৰ পাহৰি আপোনালোকলৈ অনুৰোধ । আপোনালোকৰ স’তেও আলোচনা কৰিবলৈ প্ৰস্তুত । কিন্তু আলোচনা ইচ্ছাভিত্তিক হ’ব, তথ্যৰ ভিত্তিত হ’ব
●সেইসকল ৰাজনৈতিক নেতা, তেওঁলোকে কৃষকসকলক ভুলকৈ বুজাইছে, সেই নেতাসকলৰ বিষয়ে সকলোৱে জানে
●যিকোনো আইনে তৰ্ক আৰু তথ্যৰ ওপৰত হ’ব নোৱাৰে কিছু ত্ৰুটি,বিচ্যুতি থাকিব পাৰে
●কৃষকসকলক আমি আশ্বাস দিছো, আপোনালোকৰ স্বাৰ্থত কোনো প্ৰভাৱ পৰিব নিদিওঁ
●দেশৰ কোটি কোটি কৃষকে নতুন কৃষি আইনৰ সমৰ্থন কৰিছে
●এটা দল, যিয়ে গণতান্ত্ৰিক পদ্ধতিত দেশৰ নাগৰিকক প্ৰত্যাখ্যান কৰিছে, তেওঁলোকেই কৃষকসকলক ভুল পথ প্ৰদৰ্শন কৰিছে

●আপোনালোকে জানে বিশ্বৰ ভিতৰত সৰ্বাধিক গাখীৰ কোন দেশে উৎপাদন কৰে? আমাৰ দেশে
●ইয়াত কৃষকসকলৰ কোনো লোকচান নহয়, সম্পূৰ্ণ লাভ কৃষকসকলৰ
●কেতিয়াবা যদি শস্য উৎপাদন ভাল হয়, মূল্যও ভাল হয় তেতিয়া চুক্তিবদ্ধ সংস্থাবোৰে বনাচ দিব
●এইবোৰ জানো কৃষকসকলৰ বাবে সুবিধাজনক নহয়?
●কোনো কাৰণত যদি শস্য উৎপাদন ভাল নহয় চুক্তিবদ্ধ সংস্থাবোৰে চুক্তিবদ্ধ মূল্য দিবৰ বাবে বাধ্য
●ফলত তেওঁলোকে কৃষকসকলক অত্যাধুনিক ব্যৱস্থা প্ৰদান কৰিব, উন্নত বীজ দিব, কাৰণ তাত তেওঁলোকৰ লাভ সৰ্বাধিক
●কৃষকসকলে যদি শস্য বিক্ৰী কৰিব বিচাৰে তেন্তে তেওঁলোকে নিজ ইচ্ছামতে বিক্ৰী কৰিব পাৰে
●ন্যূনতম সমৰ্থিত মূল্য বৃদ্ধি কৰা হৈছে
●আপোনালোকে মণ্ডিত শস্য বিক্ৰী কৰিব বিচাৰিলেও বিক্ৰী কৰিব পাৰে
●য’ত উপযুক্ত মূল্য পাব তাতেই বিক্ৰী কৰিব
●পশুপালন, মৌ-মাখি পালনৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে চৰকাৰে সহযোগিতা আগবঢ়াইছে
●আমি ২০১৫ৰ পৰাই কৃষকসকলৰ সমস্যা সমাধানৰ কাম আৰম্ভ কৰিছো
●কৃষকসকল দুখীয়াতকৈ অধিক দুখীয়া হৈ গৈছে
●কিন্তু কৃষকসকলৰ বাবে পূৰ্বৰ চৰকাৰে একো কৰা নাই, প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচনৰ পাছত পাহৰি যায়
●মমতা বন্দ্যোপাধ্যায়ে ১০ বছৰ ৰাজ্য চলাইছে । ৩০ বছৰ চৰকাৰ চলাই যি দল এতিয়া বিৰোধী, তেওঁলোকে কেতিয়াও আন্দোলন কৰা নাই । এই দলে কৃষকসকলৰ বাবে এদিনো আন্দোলন কৰা নাই, কৃষকসকলৰ বাবে মাতো মতা নাই
●বিগত তিনি দশকজুৰি এটা দলেই চৰকাৰ চলাইছে
●অনলাইনত বহু কৃষকে আবেদন কৰিছে, কিন্তু ৰাজ্য চৰকাৰে এই আবেদনসমূহ প্ৰতিৰোধ কৰি ৰাখিছে
●ফলত ৭০ লাখ কৃষক বঞ্চিত হৈছে
●ৰাজনৈতিক কাৰণতে পশ্চিমবংগ চৰকাৰে এই প্ৰকল্প উন্মোচন কৰা নাই
●পিএম কিষান নিধিৰ যাতে অপব্যৱহাৰ নহয় তাৰো ব্যৱস্থা কৰা হৈছে
●আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আজি বৰদিন, সমগ্ৰ বিশ্বই শান্তি-সম্প্ৰীতি অটুট ৰাখে ।

Exit mobile version