সুন্দৰীৰ অপূৰ্ণ প্ৰেমৰ অভিশাপ

%E7%9F%B3%E6%9E%97%E6%AD%A3%E9%97%A8

দূৰৰ পৰা দেখিলে বিস্তৃত ঘন‌ অৰণ্য যেন অনুভৱ হয় । পাৰ্থক্য মাত্ৰ এটাই ৰহস্যময়ী অৰণ্যৰ বৰণ ক’লা । ক’লা হোৱাৰ কাৰণ‌ হ’ল এই অৰণ্যৰ সকলোবোৰ গছেই শিলৰ । সৰু-বৰ অসংখ্য বৃক্ষৰ ডাল সিঁচৰিত হৈ পৰি থাকে ।

চীনৰ ইউনান প্ৰদেশত পাঁচশ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত হৈ আছে এই বৃহৎ অৰণ্য । পূৰ্বে এই অঞ্চলৰ নাম আছিল ছাইলিন । ছাইলিন শব্দৰ অৰ্থ হ’ল শিলৰ অৰণ্য । চীনৰ কুনমিঙৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছাইলিন ।

গুহাৰ মাজত যেনেকৈ ষ্টেলেগমাইট গঢ়ি উঠে, এই অৰণ্যখনো দেখাত প্ৰায় তেনেকুৱাই । গছৰ নিচিনাকৈয়ে পৃষ্ঠ ভেদ কৰি মূৰ দাঙি শাৰী শাৰীকৈ থিয় হৈ আছে এই শিলাখণ্ডবোৰ । সম্পূৰ্ণ অৰণ্যখনে চূণশিলৰ । সেয়েহে এই অৰণ্যত প্ৰৱেশ কৰিলে সতেজ অক্সিজেনৰ পৰিৱৰ্তে চূণশিলৰ গোন্ধ পোৱা যায় ।

অৰণ্যখন‌ সাতটা অঞ্চলত বিভক্ত । জলপ্ৰপাত, দুখন বিশাল হ্ৰদ‌, প্ৰাকৃতিক গুহা আৰু শিলৰ অৰণ্য সকলোবোৰেই পৰ্যটকৰ বাবে খুবেই জনপ্ৰিয় । ২০০৭ত এই অঞ্চলৰ দুটা অংশ নাইগু প্ৰস্তৰ অৰণ্য আৰু ছুওগেই গাঁও ইউনেস্ক’‌ ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষিত হয় । বিস্ময়কৰ এই ভূমিখণ্ড ২৭ কোটি বছৰৰো অধিক প্ৰাচীন ।

চীনৰ কুনমিঙৰ পৰা বাছেৰে এই স্থানলৈ ভ্ৰমণ কৰিব পাৰি । প্ৰতি বছৰে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰাৰ ফলত ওচৰৰ অঞ্চলসমূহত বহুকেইখন হোটেল গঢ় লৈ উঠিছে ।

কেনেদৰে এই প্ৰস্তৰ অৰণ্যৰ সৃষ্টি হ’ল? প্ৰস্তৰ অৰণ্যৰ সৃষ্টিক লৈ নানান মতবাদ আছে । এই অঞ্চলৰ আদি বাসীন্দাবোৰে কয় যে এগৰাকী সুন্দৰীৰ অপূৰ্ণ ভালপোৱাৰ সাক্ষী এই অৰণ্য । অছিমা নামে এগৰাকী যুৱতীৰ প্ৰেম সফল নহ’ল । তেওঁক অভিশাপ দি শিলত পৰিণত কৰা হৈছিল । সেই দুখনেই সকলোবোৰ বৃক্ষ শিলত পৰিণত হৈ যায় । সেই কৰুণ কাহিনীৰ সাক্ষী এই প্ৰস্তৰ অৰণ্য ।

ভূতত্ববিদসকলৰ অনুসৰি, এই অঞ্চলত এসময়ত গভীৰ জলাশয় আছিল । জলাশয়ৰ মাজত নিমজ্জিত হৈ আছিল এই শিলাখণ্ডবোৰ । ক্ৰমে জলৰ স্তৰ নিম্নগামী হোৱাৰ ফলত এই শিলাখণ্ডবোৰ ওলাই পৰে । পাছত সুদীৰ্ঘ সময়জুৰি বায়ুৰ স’তে ঘৰ্ষণ হোৱাৰ ফলত ক্ষয়প্ৰাপ্ত হৈ এনে ৰূপ ধাৰণ কৰে শিলাখণ্ডবোৰে ।

প্ৰতি বছৰে ষষ্ঠ চান্দ্ৰ মাহৰ ২৪ তাৰিখে এই অঞ্চলৰ বাসিন্দাসকলে এক বিশেষ উৎসৱ পালন কৰে । তেওঁলোকৰ লোকনৃত্য আৰু কুস্তি পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ।

চীনৰ ওপৰিও তুৰস্কৰ কাপাড’ছিয়াত শিলৰ বিস্ময়কৰ অৰণ্য পোৱা যায় । শিলৰ ভিতৰত গুহা সাজি বাস কৰিছিল সেই সময়ৰ লোকসকলে ।

Exit mobile version