চাহ বাগিচাত কেঁচাপাত ছিঙা শ্রমিক জয়ন্তীৰ পুত্র মাছী তপ্ন’ৰ এ পি এছ চিত সাফল্য অর্জন

7e516160 a457 4848 9b62 5470bd8da6e0

বিভিন্ন বিতর্ক অন্তত ঘােষণা কৰা অসম লােকসেৱা আয়ােগৰ ২০১৮ৰ সংযুক্ত প্রতিযােগিতামূলক পৰীক্ষাৰ ফলাফলত মৰিয়নিৰ চৈকটা চাহ বাগিচাৰ মাছী তপ্ন’ৱে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।মৰিয়নিৰ অসম চাহ নিগমৰ অন্তৰ্গত চৈকটা চাহ বাগিচাৰ তিনি নম্বৰ লাইনৰ প্রয়াত বসন্ত তপ্ন’ আৰু জয়ন্তী তপ্ন’ৰ একমাত্র পুত্র মেধাৱী ছাত্র মাছীয়ে ৯৮ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মাছীৰ মাতৃ জয়ন্তী তপ্ন’ৱে আজিও বাগিচাখনত কেঁচাপাত ছিঙে।

উল্লেখ্য যে বৰহােলা ৰজাবাৰীৰ চেইণ্ট ফ্রান্সিছ অৱ এচিচি স্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা অতিক্রমি দুলীয়াজানৰ ছেইণ্ট জেভিয়ার্ঘ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীর্ণ হয়। পাছত যােৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ২০১৪ত মাছীয়ে ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্রী লাভ কৰে।

২০১৬ত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী লয়। নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ মাছীয়ে ঘৰে ঘৰে টিউচন কৰি ফুৰিছিল।সমান্তৰালভাৱে অসম লােকসেৱা আয়ােগৰ পৰীক্ষাৰ বাবে প্রস্তুতিও অব্যাহত ৰাখিছিল। অসম লােকসেৱা আয়ােগৰ লিখিত পৰীক্ষাত প্রথমবাৰেই উত্তীর্ণ হয় যদিও মৌখিক পৰীক্ষাত অলপ নম্বৰৰ বাবে থমকি ৰয়; কিন্তু মাছীয়ে নতুন উদ্যমেৰে প্রস্তুতি চলায় লােকসেৱাৰ পৰীক্ষাৰ বাবে।

এইবাৰ ঘােষিত ফলাফলত উত্তীৰ্ণ হৈ নিজৰ সক্ষমতাৰ পৰিচয় দাঙি ধৰে। ইয়াৰ মাজতে ২০১৮ত ‘নেট’পৰীক্ষাতাে সফলতাৰে উত্তীর্ণ হয়। পৰীক্ষাৰ প্রস্তুতি চলাই থকাৰ মাজতে তেওঁৰ পিতৃ বসন্ত তপ্ন’ৰ মৃত্যু হয়; কিন্তু দৃঢ় মনােবলৰ পৰিচয় দি অৱশেষত লােকসেৱা আয়ােগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ দেউতাকৰ সপােন পূৰণ কৰিলে। মাছীয়ে এই সাফল্যত আনন্দ প্রকাশ কৰি কয় যে প্রায় দুবছৰীয়া উৎকণ্ঠাৰ অন্তত এক ভাল ফলাফল লাভ কৰিলে।

এইবাৰ উত্তীর্ণ হ’ব বুলি পূৰামাত্রাই আত্মবিশ্বাসী আছিল। তেওঁৰ এই সাফল্য প্রয়াত পিতৃয়ে প্রত্যক্ষ কৰিবলৈ নাপালেও আজি যত আছে তাৰ পৰাই আশীর্বাদ দিয়া বুলি মাছীয়ে উল্লেখ কৰে। আনহাতে, এই সাফল্যৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছাৰ কেন্দ্রীয় সভাপতি ধীৰাজ গােৱালাই মাছী তপ্নলৈ অভিনন্দন জনাইছে।

এই সাফল্যই সমগ্ৰ চাহ জনগােষ্ঠীটোকে আনন্দিত কৰা বুলি উল্লেখ কৰি গােৱালাই কয়, ‘এনে ফলাফলে জনগােষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব। দক্ষিণ কাটনি গাঁও পঞ্চায়তৰ সভাপতি অলেন পাটনায়কেও মাছীৰ সাফল্যত তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছে। মাছী বর্তমানে যােৰহাটৰ বৰঠাকুৰ আই এ এছ একাডেমীত ফেকাল্টি ৰূপে কৰ্মৰত।

Exit mobile version