ৰাজ্যত চিৰদিনৰ বাবে বন্ধ হোৱাৰ উপক্ৰম চিত্ৰগৃহ

184276 25 12 20 guwahati all assam cinema hall owners association press conference 3

ক’ভিড-১৯ৰ ফলত সৃষ্টি হােৱা পৰিস্থিতিত যােৱা মাৰ্চৰ পৰা ৰাজ্যত বন্ধ হৈ থকা চিত্রগৃহসমূহৰ ভৱিষ্যত সম্পূর্ণ অন্ধকাৰাছন্ন হৈ পৰিছে। দেশৰ কেবাখনাে ৰাজ্যৰ দৰে অসম চৰকাৰে কোনাে ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চলচ্ছিত্র উদ্যোগ সম্পূর্ণরূপে বন্ধ হৈ পৰাটো অস্বাভাৱিক নহ’ব বুলি শুকুৰবাৰে এক সংবাদমেলত গভীৰ উদ্বেগ প্রকাশ কৰে সদৌ অসম চিত্ৰগৃহ স্বত্বাধিকাৰী সন্থাই।সংগঠনটোৰ হৈ কে’বাটাও চিত্ৰগৃহৰ স্বত্বাধিকাৰীয়ে কয় যে অসমত সম্পূর্ণ থলুৱা উদ্যোগীয়ে পৰিচালনা কৰা ৮০টা চিত্ৰগৃহ আছে।

ইয়াত সম্পূৰ্ণৰূপে থলুৱা বৃহৎসংখ্যক লোক কৰ্মৰত হৈ আহিছে। কিন্তু চিত্রগৃহবােৰ বন্ধ হৈ থকা সত্ত্বেও স্বত্বাধিকাৰীসকলে কর্মচাৰীসকলক পার্যমানে সহায়-সহযােগিতা কৰি আহিছে যদিও পৰিস্থিতি ক্রমে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।লােকচানৰ বােজা ধাৰাবাহিকভাৱে বহন কৰি থকাটো কাৰােপক্ষে সহজ হৈ থকা নাই। এনে কাৰণতে অহা এমাহৰ ভিতৰত কমেও ১২ৰ পৰা ১৪ টা চিত্ৰগৃহ চিৰদিনৰ বাবে বন্ধ ঘােষণা কৰিবলৈ স্বত্বাধিকাৰীসকল সাজু হৈছে।

যদিহে চৰকাৰে শীঘ্ৰে কোনাে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আগন্তুক দিনকেইটাত আৰু অধিক চিত্রগৃহ বন্ধ হােৱাটো নিশ্চিত হৈ পৰিছে। সন্থাৰ হৈ গ’ল্ড চিনেমাৰ স্বত্বাধিকাৰী ৰাজীৱ বৰাই কয়, অন্ধ্রপ্রদেশত ১১শ চিত্রগৃহ আছে। ৰাজ্যখনৰ চৰকাৰে কেৱল প্রেক্ষাগৃহ বুলিয়েই নহয়, গােটেই ছবি উদ্যোগটোৰ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি বিশেষ সাহায্য ঘােষণা কৰিছে। ঝাৰখণ্ড, তামিলনাডুৰ চৰকাৰেও সাহায্য আগবঢ়াইছে।

অসমত এই ৰাজ্যবােৰৰ তুলনাত অতি কমসংখ্যক চিত্রগৃহহে আছে। অন্তত থলুৱা কৰ্মচাৰী আৰু ছবি উদ্যোগটোৰ প্ৰতি গুৰুত্ব আৰােপ কৰি অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল’ব পাৰে। চৰকাৰে বিভিন্ন আঁচনিৰ নামত শ শ কোটি টকা ব্যয় কৰিছে। আমাৰ উদ্যোগটোৰ বাবে সাধাৰণ পৰিমাণৰ সাহায্য হলেও হ’ব। কিন্তু সেইখিনিয়েই এই পর্যন্ত চৰকাৰে গুৰুত্বসহকাৰে লােৱা নাই। অনুৰাধা চিত্ৰগৃহৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মাই কয় যে অইন নালাগে বিদ্যুতৰ ক্ষেত্ৰত সকাহ দিলেও বহুখিনি সুবিধা হ’ব।

এটা চিত্রগৃহ চলােৱাৰ নামত হােৱা বিদ্যুতৰ মাছুলৰ ব্যয় যথেষ্ট বেছি। বিদ্যুতৰ এটা স্থায়ী মাছুল আছে। শৰ্মাই কয়, ‘যােৱা মাৰ্চৰ পৰা ছবি গৃহবােৰ বন্ধ থকাত ন্যূনতম বিদ্যুৎ ব্যৱহাৰাে স্বাভাৱিকতে বন্ধ আছে। এপিডিচিএলে সেই কাৰণে আমাৰ ওপৰত জৰিমণা বিহিছে। বহুত বেছি সাহায্য নিদিলেও এই ধৰণৰ সমস্যাবােৰৰ পৰা চৰকাৰে আমাক সকাহ দিব পাৰে। যি সময়ত নির্বাচনী সভাবােৰ হেজাৰ হেজাৰ মানুহ গােট খাইছে, বাছবােৰত সম্পূর্ণ যাত্রী নিয়াৰ অনুমতি দিয়া হৈছে তেনে ক্ষেত্ৰত চিত্ৰগৃহবােৰ ৫০ শতাংশ দর্শকেৰেহে চলােৱাৰ অনুমতি কিয় দিয়া হৈছে তাক আমি বুজা নাই।

অৱশ্যে এনে নিদের্শনাবােৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে। ইয়াত ৰাজ্য চৰকাৰৰ কৰিবলগীয়া নাই। ৫০ শতাংশ দর্শকেৰে চিত্ৰগৃহ চলােৱা সম্ভৱ নহয়। গতিকে এই সকলােবােৰ দিশ বিবেচনা কৰি অসম চৰকাৰেও দেশৰ আন কেবাখনাে ৰাজ্যৰ দৰে গােটেই চলচ্চিত্র উদ্যোগটোৰ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি আৰু কৰ্মচাৰীসকলৰ দুৰৱস্থাৰ প্রতি লক্ষ্য ৰাখি শীঘ্ৰে সকাহ দিব লাগে। সংবাদমেলত উপস্থিত থকা ৰাজ্যৰ এটা পুৰণি চিত্ৰগৃহ গুৱাহাটীৰ ‘বন্দনা’ৰ স্বত্বাধিকাৰী বলবিন্দৰ সিঙে কয় যে যদিহে চৰকাৰে সকাহ দিয়ে তেনেহ’লে তেওঁ বন্ধ কৰিবলৈ সাজু হােৱা চিত্ৰগৃহটো পুনৰ মুকলি কৰিব।

সিঙে কয়, “আমাৰ পৰিয়ালে পৰম্পৰাগতভাৱে চিত্রগৃহ চলাই আহিছে। ইয়াৰ লগত আমাৰ আৱেগ জড়িত আছে; কিন্তু আৰু কিমান লােকচান ভৰি থাকিম? সেই কাৰণে উপায়-নাপাই চিৰদিনৰ বাবে বন্ধ কৰি দিয়াৰ কথা ভাবিছাে। একেধৰণৰ উদ্বেগ প্রকাশ কৰে ৰাজ্যৰ আন এটি পুৰণি চিত্রগৃহ গুৱাহাটীৰ পল্টন বজাৰস্থিত মেঘদূতৰ স্বত্বাধিকাৰী সজ্জন আগৰৱালাই। প্রসংগক্ৰমে ৰাজীৱ বৰাই কয় যে চৰকাৰে সকাহ নিদিলে অসমীয়া চলচ্চিত্র উদ্যোগটোও ধ্বংস হৈ যােৱাৰ পৰিৱেশ স্পষ্ট হৈছে।

তেওঁ কয়, বজাৰৰ বাবে সদায় হাহাকাৰ কৰি থকা অসমীয়া ছবিয়ে শেহতীয়াকৈ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল। তাৰ ফলত নতুন নতুন চিন্তাৰে বহু ছবি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। কৰনাৰ বাবে তলাবন্ধ ঘােষণাৰ সময়ত ৩০ খন ছবিৰ নিৰ্মাণ কার্য অব্যাহত আছিল। ৩০ খন ছবিৰ সংখ্যাটো অসমৰ ক্ষেত্ৰত সৰু কথা নহয়। সেই সকলােৰে ভৱিষ্যত চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে।

Exit mobile version