অসবৰ্ণ বিবাহত বাধা

sadhguru wisdom arranged marriage good bad

পঢ়ি থকাৰ সময়তে মহম্মদ ইকবাল নামে মুছলিম ল’ৰা এজনৰ প্ৰেমত পৰিছিল বাৰানসীৰ হিন্দু পৰিয়ালৰ যুৱতী এগৰাকী । চাৰি বছৰজুৰি পৰিয়ালক বুজোৱাৰ চেষ্টা কৰিও ব্যৰ্থ হয় । তেওঁলোকৰ অভিযোগ যে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়া হৈছে । গ্ৰেপ্তাৰৰ ভয়তে উত্তৰপ্ৰদেশ এৰি দিল্লীত আশ্ৰয় লৈছে দুয়োজনে । ‘স্পেচিয়েল মেৰিয়েজ এক্ট’ত বিয়াৰ আবেদনো দাখিল কৰিছে তেওঁলোকে ।

তেওঁলোকৰ ওপৰিও উত্তৰপ্ৰদেশৰ বহু যুৱক-যুৱতীয়ে অসবৰ্ণ বিবাহ কৰাবৰ বাবে ৰাজ্য ত্যাগ কৰিছে । তেওঁলোকে অভিযোগ উত্থাপন কৰে যে, ‘লাভ জেহাদ’ক লৈ উত্তৰপ্ৰদেশত দীৰ্ঘদিন ধৰি তাণ্ডৱ চলাই আহিছে হিন্দুত্ববাদী সংগঠনবোৰে । ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে এইটোও অভিযোগ কৰা হৈছে যে, হিন্দুত্ববাদী সংগঠনসমূহৰ লগতে আৰক্ষী আৰু পৰিয়ালৰ লোকৰ অত্যাচাৰৰ বলী হৈছে তেওঁলোকে । সেয়েহে তেওঁলোকে ৰাজ্য ত্যাগ কৰিব বিচাৰিছে । বহুতেই সুৰক্ষা বিচাৰি ন্যায়ালয়ৰো কাষ চাপিছে ।

সম্প্ৰতি যোগীৰ ৰাজ্যত ‘ধৰ্মান্তৰণ বিৰোধী’ আইন পাছ কৰা হৈছে । বিয়াৰ নামত ধৰ্মান্তৰণ বন্ধ কৰাই এই আইনৰ মূল লক্ষ্য । ইয়াক ‘লাভ জেহাদ’ আইন বুলিও অভিহিত কৰা হৈছে । অন্য ধৰ্মাৱলম্বী যুৱক বা যুৱতীক বিয়া কৰোৱা বিষয়টোত উগ্ৰ হিন্দুত্ববাদী সংগঠনসমূহৰ লগতে বহু লোকে প্ৰতিবাদ কৰি আহিছে । যোগী নিজেও এই বিবাহৰ বিৰুদ্ধে আছিল ।

‘ধৰ্মান্তৰণ বিৰোধী’ আইন সন্দৰ্ভত আলিগড়ৰ আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰে কয়, যদি বিয়াৰ নামত ধৰ্মান্তৰণৰ প্ৰমাণ পায়, সেই প্ৰেমিক যুগলেৰ বিৰুদ্ধে আইনে ব্যৱস্থা গ্ৰহণ কৰিব । য’তে বাস কৰিলেও এই আইনৰ পৰা ৰেহাই নাপাব ।

ইলাহাবাদৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়ালয়ধীশে কয়, ‘এই আইনৰ পৰা ৰক্ষা পাবলৈ প্ৰেমিক যুগলসকলে ন্যায়ালয়ৰ কাষ চাপিব পাৰে ।’

Exit mobile version