তিনি ঠিকাদাৰৰ গৃহত এশ কোটিৰ অধিক ক’লা ধনৰ তথ্য উদ্ধাৰ

795661 blackmoney istock 022219

ৰাজ্যত আয়কৰ বিভাগে ৰোৱা ২২ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা ধাৰাবাহিক অভিযানত এশ কোটি টকাৰো অধিক ক’লা ধনৰ তথ্য এই পৰ্যন্ত উদ্ধাৰ কৰিছে । এই ধনৰ উৎস এতিয়াও স্পষ্ট হোৱা নাই । তদুপৰি আন এটা বেংকৰ থকাৰ চালিজাৰি চাবলৈ বাকী খন
আছে । বিভাগে এক বিবৃতিযোগে এই তথ্য সদৰী কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ তিনিজন আগশাৰীৰ ঠিকাদাৰৰ বাসগৃহ পৰা কাৰ্যালয় আদিত ২২ ডিচেম্বৰৰ পৰা‌ অভিযান চলোৱা হৈছিল ।

ADVERTISEMENT

এই ঠিকাদাৰ কেইজন হৈছে ভাগ্য কলিতা, অনুপম শৰ্মা আৰু যুগল কিশোৰ মহন্ত । এই তিনি বহু বিতৰ্কিত ঠিকাদাৰৰ গুৱাহাটী, দিল্লী,‌ চিলাপথাৰ আৰু পাঠশালাৰ ১৪টা স্থানত অভিযান চলাইছিল আয়কৰ বিভাগে । এই তিনিজন ঠিকাদাৰৰ সংস্থাৰ বিৰুদ্ধে মূল অভিযোগ হৈছে যে বছৰে বছৰে তেওঁলোকৰ আয়ৰ তথ্য গোপন কৰি আহিছে আৰু গুৱাহাটী আৰু কলকাতাত থকা কিছুমান ভুৱা কোম্পানীৰ পৰা ঋণ আদায় কৰা বুলি ফাকি দি আহিছিল ।

অভিযানকালত লাভ কৰা তথ্য-প্ৰমাণ অনুসৰি যিসমূহ ভুৱা কোম্পানীৰ পৰা ঋণ আদি লোৱা বুলি দেখুওৱা হৈছিল সেইসমূহৰ কেৱল কাগজে-কলমেহে অস্তিত্ব আছে আৰু বাস্তৱত তেওঁলোকৰ কোনো ব্যৱসায় নাই । যিসমূহ অপাৰেটৰৰ জৰিয়তে ঠিকাদাৰ কেইজনে লেনদেন কৰিছিল তেওঁলোকে জেৰাত স্বীকাৰ কৰিছে যে সন্দেহজনক কোম্পানীৰ পৰা এই ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাই গ্ৰহণ কৰা ঋণ আদি ভুৱা আছিল । বিভাগে ঠিকাদাৰজনৰ বিৰুদ্ধে যথেষ্ট তথ্য-প্ৰমাণ লাভ কৰিছে ।

ভুৱা ঋণৰ প্ৰিমিয়াম আদায়ৰ ভুৱা তথ্য দাখিলৰ প্ৰমাণো লাভ কৰিছে । অভিযানত লাভ কৰা তথ্য অনুসৰি তিনি প্ৰতিষ্ঠানৰ এটাই আতিথ্য খণ্ডৰ ব্যৱসায়ত বৃহৎ লেনদেন কৰিছে । এই তথ্য পৰীক্ষা কৰি থকা হৈছে । এই ঠিকাদাৰ প্ৰতিষ্ঠান কেইটাৰ একাংশই নগদ ধনেৰে অলংকাৰ ক্ৰয় কৰিছে । এনে ক্ৰয়ৰ আঁৰৰ ধনৰ উৎস পৰীক্ষা কৰি থকা হৈছে । এই পৰ্যন্ত ৯.৭৯ লাখৰ অলংকাৰ জব্দ কৰা হৈছে ।

তিনিওজন ঠিকাদাৰৰ বাসগৃহ-কাৰ্যালয়ত উদ্ধাৰ হোৱা এশ কোটি কলা ধনৰ উৎস এই পৰ্যন্ত বিতৰ্কিত ঠিকাদাৰ কেইজনে দাখিল কৰিব পৰা নাই । ভাগ্য কলিতা মালিকানাধীন বি কে কনষ্ট্ৰাকছন, যুগল কিশোৰৰ জে কে এম ইমফ্ৰা আৰু অনুপম শৰ্মাৰ অনুপম কনষ্ট্ৰাকছন প্ৰাইভেট লিমিটডৰ বিৰুদ্ধে কৰে ফাকি দিয়াৰ অভিযোগ উঠিছে ।

Exit mobile version