নিশাৰ অন্ধকাৰত কিশোৰীক আক্ৰমণ দুই সিংহৰ

lionhassan2

নিশা ঘৰৰ পৰা বাহিৰলৈ গৈ সিংহৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ল গুজৰাটৰ এগৰাকী কিশোৰীয়ে । সিংহৰ আক্ৰমণৰ সময়ত লগত কণমানি ভগ্নীও আছিল যদিও দৈৱক্ৰমে প্ৰাণ ৰক্ষা‌ পৰে । মৃত ১৪ বছৰীয়া কিশোৰীগৰাকীৰ নাম ভাবনা বাৰিয়া । জুনাগড় গুজৰাট জিলাৰ ধনফুলিয়া গাঁৱৰ বাসিন্দা ভাবনাই নিশা প্ৰায় দুই বজাত কনিষ্ঠ ভগ্নী ৰেখাক লগত লৈ প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ গৈছিল ।

ঠিক তেনে সময়তে দুটাকৈ কম বয়সীয়া সিংহৰ আক্ৰমণৰ সন্মুখীন হয় কিশোৰীগৰাকী । অতৰ্কিত এই ঘটনা অতিকৈ‌ ভয়াৱহ আছিল । নিশাৰ অন্ধকাৰত যে মৃত্যুদূত লোকাই আছিল সেই কথা ভাবনাই ভাবিবই পৰা নাছিল । সেয়েহে এনে আক্ৰমণৰ বাবে সাজু হৈও থকা নাছিল; কিন্তু জীৱন ৰক্ষা পৰিল ভগ্নীৰ ।

কিশোৰীগৰাকী মৃতদেহ উদ্ধাৰৰ সময়ত ভৰিৰ আঁঠুৰ পৰা উৰু পৰ্যন্ত অংশৰ মাংস খাই পেলাইছিল দুই সিংহই । ঘটনাটোত লৈ আতংকিত হৈ পৰিছে গাঁওবাসী । সিংহই আক্ৰমণ কৰা সময়ত প্ৰচণ্ড শীতৰ বাবে কিশোৰীগৰাকীয়ে এখন চাদৰ উৰি আছিল । কিবা কথা বুজি পোৱাৰ পূৰ্বেই ভাবনাৰ মূৰত কামুৰি দৌৰি দিয়ে সিংহ দুটাৰ এটাই ।

চকুৰ সন্মুখতে ঘটনাটো দেখি কাষতে থকা এটি পানী টেংকীৰ আঁৰত লুকাই পৰে ৰেখা । লগতে চিঞৰি গাঁওবাসীকো মাতিবলৈ লয় । ৰেখাৰ চিঞৰ শুনি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ভাবনাৰ পৰিয়ালৰ সদস্যসকল । লগে লগে ভাবনাক বিচাৰি চলাথ কৰে । লগত আছিল এজন সিংহ বিশেষজ্ঞও।

সিংহ‌ খেদিবলৈ আটাইবিলাকে চিঞৰিবলৈ ধৰে । উপস্থিতসকলে চিঞৰ শুনি সিংহ পলাব বুলি ভাবিছিল । ফলত ভাবনাক উদ্ধাৰৰো আশা দেখিছিল; কিন্তু সকলো পৰিকল্পনাই ব্যৰ্থ প্ৰমাণিত হয় । কিছু সময় পাছতে উদ্ধাৰ হয় ভাবনাৰ মৃতদেহ । সিংহ দুটাই ভাবনাৰ মৃতদেহটো প্ৰায় ১৫০ মিটাৰ দূৰলৈ টানি নি খাবলৈ আৰম্ভ কৰি দিছিল । মানুহৰ চিঞৰ শুনিহে ভাবনাৰ মৃতদেহটো এৰি থৈ যায় ।

উল্লেখ্য যে সিংহ বিশেষ কাৰণ নহ’লে নৰখাদক নহয় । সেয়েহে কিশোৰীগৰাকীক আক্ৰমণ কৰাক লৈ চিন্তাৰ উদ্ভৱ হৈছে । বন বিষয়া শ্ৰীবাস্তৱে এই সন্দৰ্ভত কয় যে, কিশোৰীগৰাকীয়ে চাদৰ উৰি থকাৰ বাবে অন্ধকাৰত মানুহ নে পশু সেই কথা নিশ্চিতভাৱে সিংহ দুটাই অনুমান কৰিব পৰা নাছিল । সম্প্ৰতি সিংহ দুটা আবদ্ধ কৰিবলৈ বন বিভাগে ফান্দ পাতিছে । পুনৰ কোনো মানুহক আক্ৰমণ কৰাৰ পূৰ্বেই সিংহ দুটাক আবদ্ধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে বন বিভাগ ।

Exit mobile version