পলাশবাৰীৰ ৰামপুৰত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত জনসমুদ্ৰ

fe675f2a 4812 4934 b316 f6806f8ec887

আজি পলাশবাৰী ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম গণ পৰিষদ অন্তৰ্গত পলাশবাৰী বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকি অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে ,জনতাৰ অনিৰুদ্ধ শক্তিৰে জাগিছে অসম গণ পৰিষদ । ৰাইজৰ শুভেচ্ছা, আৰ্শীবাদ আৰু বলেৰে ন-ৰূপ পাইছে অসম গণ পৰিষদ । দলৰ এই দুৰ্জেয় গতিক এতিয়া কোনেও বাধা দি ৰাখিব নোৱাৰে ।

জনসমুদ্ৰৰ সৃষ্টি হোৱা সমাৰোহখনত সভাপতি তথা মন্ত্ৰী অতুল বৰা দলে পূৰ্বতে কৰি অহা ভুলৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিছাৰে। তেওঁ লগতে বিগত সময়ছোৱাত কংগ্ৰেছে বাংলাদেশী প্ৰব্ৰজনৰ বাবে বাট মুকলি কৰি ভোট বেংকৰ লালসাত ৰাজনীতি কৰি অহা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰি বজাৰ কৰিবলৈ, বিয়া পাতিবলৈ ভাৰতলৈ বাংলাদেশী আহিলে কংগ্ৰেছ দলে সদায় ৰক্ষণাবেক্ষণ দিয়ে  । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত কৃষি বিভাগটো এটা ঠিকদাৰী বিভাগলৈ ৰূপান্তৰ হৈছিল বুলি মন্তব্য কৰে অসম গণ পৰিষদৰ সভাপতি  অতুল বৰাই।


লগতে তেওঁ কয় যে তেতিয়া গেলি যোৱা কৃষি বিভাগটোৰ এতিয়া এইখন চৰকাৰৰ দিনত আমূল পৰিবৰ্তন হৈ প্ৰকৃত কৃষকৰ কল্যাণৰ বিভাগত পৰিণত হ’ল । নতুন ৰাজনৈতিক দল সমূহৰ নাম উল্লেখ নকৰাকৈ মুখাপিন্ধা আঞ্চলিকতাবাদীয়ে আজমলৰ ধন লৈ অসম গণ পৰিষদক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই বুলিও সভাপতি বৰাই তীব্ৰ কটাক্ষ কৰে । তেওঁ লগতে ছান্দাই যেতিয়া ধান্দা হয় , সেই দল বা সংগঠন বেছিদিন নচলে বুলি কৈ চান্দা মামা এতিয়া অসমত বহুত হল বুলি মন্তব্য প্ৰকাশ কৰে।


আন্দোলনৰ সলনি এতিয়া কৰ্মসংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন বুলি দোহাৰি মন্ত্ৰী বৰাই কয় : আমাৰ দলৰ সমালোচকক আমি বেয়া নাপাও । কাৰণ সোণ পুৰিলেহে উজ্জ্বল হয় । সেয়েহে দলৰ কৰ্মীসকলে মনোবল ভাঙি পেলোৱাৰ সলনি অধিক সুদৃঢ় কৰিব লাগে । জাতীয় ঐক্যসমাৰোহ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডা: কমলা কলিতা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, ড” তপন দাস, ত্ৰিনয়ন বৰা, কল্পনা পাটোৱাৰী আদিকে ধৰি বহুতো বিশিষ্ট ব্যক্তি।


সমাৰোহৰ আদৰণি  ভাষণ আগবঢ়ায় পলাশবাৰী বিধান পৰিষদৰ  সভাপতি অৱনী দাসে। আজি জনসমুদ্ৰৰ পাৰভঙা উছাহৰ মাজতেই দলীয় প্ৰায় সংখ্যক নেতাকলৈ এইদৰে বিশাল জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰা বিষয়টোৱে আগন্তুক দিনত পলাশবাৰীৰ ৰাজনৈতিক চিত্ৰপটত বিশেষ ভূমিকা যে লব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। সভাত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই পলাশবাৰীৰ ৰামপুৰৰ এই বিশাল জনসভাত ৰাইজৰ সঁহাৰি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰাৰ লগতে সকলোৱে মিলি সহযোদ্ধা হিচাপে আগবাঢ়ি গৈ দলটো শক্তশালি কৰি মিত্ৰজোটৰ চৰকাৰ গঠন কৰাৰ বাবেও আহ্বান জনায়।

শিল্পী তথা দলীয় নেত্ৰী কল্পনা পাটোৱাৰীয়ে  গীত পৰিবেশন কৰি হেজাৰ হেজাৰ জনতাক মন্ত্ৰমুগ্ধ কৰে । সমাৰোহত প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, জ্যেষ্ঠ অধিবক্তা গিৰীণ ঠাকুৰীয়া, কামৰূপ জিলা অসম গণ পৰিষদৰৰ সভাপতি আদিত্য ৰাভা, পলাশবাৰী বিধান পৰিষদৰ উপ সভাপতি শ্ৰীকান্ত চৌধুৰী,যুটীয়া সম্পাদক পৰাগদাস, প্ৰণব দাস, পলাশবাৰী যুৱ পৰিষদৰ সভাপতি দিলীপ দাস, সম্পাদক ৰুক্মিণী কুমাৰ দাস, গাজিৰাম দাস আদিয়েও অংশগ্ৰহণ কৰে।

Exit mobile version