লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন কৰাৰ লগতে ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত কৰাৰ দাবীত বৰগুৰিৰ লেজাইহোলাত চৰকাৰী ভূমিত শিৱিৰ স্থাপন কৰি আঠটাকৈ দিনে অব্যাহত কৰিছে প্ৰতিবাদকাৰীসকলে ৷
আজি তিনিচুকীয়া বন সংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত শতাধিক পুৰুষ-মহিলাই বন বিভাগে লাইকা-দধিয়াবাসীক প্ৰতাৰণা কৰাৰ অভিযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷