নিষিদ্ধ ঘোষিত ইছলামিক ব্রাদাৰহুডৰ বিৰুদ্ধে নচলায় প্রচাৰ

11019039 06c5 4bd7 92c8 b74d18afe7c6

চৰকাৰী নির্দেশনা অমান্য কৰাৰ অপৰাধত ছৌদি আৰৱত শতাধিক ইমামক বৰ্খাস্ত কৰা হৈছে। এই ইমামসকলে মুছলিম ব্রাদাহুডৰ বিৰুদ্ধে চৰকাৰী নির্দেশ অনুসৰি প্ৰচাৰ চলাবলৈ অমান্তি হৈছিল। বিষয়টো পােহৰলৈ অহাৰ পাছত সাধাৰণ লােকৰ মাজত ক্ষোভ সৃষ্টি হলেও চৰকাৰৰ ৰােষত পৰাৰ ভয়ত মৌন হৈ থাকিবলৈ বাধ্য হৈছে। উল্লেখ্য যে যােৱা মাহত দেশখনৰ ইছলামিক বিষয়ক মন্ত্রণালয়ৰ দ্বাৰা এক নির্দেশ জাৰি কৰা হয়।

এই নির্দেশত উল্লেখ কৰা অনুসৰি মুছলিম ব্রাদাহুডৰ সদস্যসকলে ইছলামৰ নামত ভুল শিক্ষা প্রদান কৰি আহিছে। ইয়াৰ দ্বাৰা সমাজত বিভাজন সৃষ্টিৰ প্রয়াস কৰা হৈছে। সেয়েহে দেশখনৰ ১ প্রতিজন ইমাম তথা ইছলামিক ধর্মপ্রচাৰকে ব্রাদাহুডৰ সদস্যসকলৰ বিৰুদ্ধে প্রচাৰ চলাবলৈ নির্দেশ দিয়া হয়। প্রতি শুকুৰবাৰে জুম্মাৰ নামাজৰ পাছত মুছলিম ব্রাদাহুডৰ উদ্দেশ্যৰ বিষয়ে সাধাৰণ মানুহক সচেতন কৰাৰ দায়িত্ব দিয়া হৈছিল ইমামসকলক।

ইমামসকলক ব্রাদাহুডে নিজৰ স্বাৰ্থত কিদৰে ধর্মক ব্যৱহাৰ কৰিছে সেই সন্দৰ্ভতাে ব্যক্ত কৰিবলৈ কোৱা হৈছিল চৰকাৰীভাৱে। ব্রাদাৰহুডে ইছলামৰ প্রকৃত শিক্ষা মানুহৰ মাজলৈ লৈ যােৱাৰ পৰিৱর্তে নিজৰ সংগঠনৰ স্বাৰ্থ প্ৰতিষ্ঠা বাবেহে চেষ্টাত অৱতীৰ্ণ হৈছে। চৰকাৰী নির্দেশ থকা সত্ত্বেও ২০১৪ তে ছৌদি আৰৱত নিষিদ্ধ ঘােষণা কৰা মুছলিম ব্রাদাহুডৰ বিৰুদ্ধে প্রচাৰ চলাবলৈ মান্তি হােৱা নাছিল মক্কা আৰু আল কাচিমীৰ শতাধিক ইমাম তথা ইছলামিক প্রচাৰকে।

এনে অপৰাধৰ বাবেই এই ইমামসকলক বৰ্খাস্ত কৰিবলৈ সিদ্ধান্ত লয় চৰকাৰে। বৰ্খাস্তকৰণৰ পাছত এইসকলে কোনাে ধর্মীয় অনুষ্ঠান অথবা সভাত বক্তব্য দাঙি ধৰিব নােৱাৰিব। ইমাম তথা ইছলামিক প্ৰচাৰকসকলক বৰ্খাস্ত কৰাৰ কথা প্রচাৰ হােৱাৰ পাছত ছৌদি আৰৱৰ বিভিন্ন স্থানত মানুহৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে অৱশ্যে বর্তমানলৈ পৰিস্থিতি সম্পূর্ণভাৱে চৰকাৰৰ নিয়ন্ত্রণত আছে।

Exit mobile version