বঙাইগাঁৱৰ অগপৰ মজবুত দূৰ্গ খহি পৰিল এফাল

WhatsApp Image 2020 12 28 at 5.43.54 PM

দলটোৰ পৰা এজনৰ পাছত আনজনৰ পদত্যাগৰ জোৱাৰ

মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত অগপ দলত ব্যাপক খহনীয়া । পঞ্চায়তৰ সভানেত্ৰী, উপ সভাপতি সহ ২২ গৰাকী অগপ নেতাৰ পদত্যাগ ৷

বঙাইগাঁও অগপ জিলা সমিতিৰ কৰ্মকাণ্ড আৰু কেইগৰাকীমান নেতাৰ একছত্ৰী ৰাজত্বৰ বাবে অনিহা ডাংতল আঞ্চলিক সমিতিৰ ৷ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ একনায়কক্তবাদৰ বাবে অসন্তষ্ট হৈ পদত্যাগ অগপৰ নেতা কৰ্মীৰ ৷

প্ৰাক্তন বঙাইগাঁও অগপৰ সম্পাদক, জিলা যুৱ পৰিষদৰ সম্পাদক, সভাপতি, প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক, ডাংতল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিনয় চন্দ্ৰ ৰায়, ডাংতল পঞ্চায়তৰ উপ সভাপতি, কাউঞ্চিলৰ ডাংতল পঞ্চায়তৰ সভানেত্ৰী মহিলা সিংহসহ ছয়গৰাকী সদস্যই সমুহীয়াভাৱে ২২ জনীয়া সক্ৰিয় নেতাই অসম গণ পৰিষদৰ পদত্যাগ কৰি যোগদান কৰিলে অসম জাতীয় পৰিষদত ।

নিজ দলৰ দখলত থকা পঞ্চায়তৰ মাজতে বিভেদ আনি সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা দিবলৈ হেঁচা পঞ্চায়তৰ সদস্যাসকলক । জিলাখনত মন্ত্ৰীয়ে নিকৃষ্ট ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে দলৰ সদস্যসলে ৷

নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কন্দাকটাৰ নাটক কৰি জিলা কৰ্মকৰ্তাৰ লগতে জনসাধাৰণক বিপথে পৰিচালনা কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰি আছে বুলি মন্তব্য কৰে ডাংতল পঞ্চায়তৰ প্ৰতিনিধি সকলে ।

Exit mobile version