শালবাৰীত নিখিল বাথৌ মহাসভাৰ দেউৰী পুৰোহিত সন্মিলনৰ সফল সামৰণি

WhatsApp Image 2020 12 28 at 6.22.27 PM

বাগ্ছা জিলাৰ শালবাৰীৰ সমীপৰ ৰূপহীৰ চামুহাথায় বাথৌ থানশালিত অনুষ্ঠিত হোৱা তিনিদিনীয়া নিখিল বাথৌ মহাসভাৰ দেউৰী পুৰোহিত সন্মিলনৰ আজি সফলতাৰে অন্ত পৰে ৷ লক্ষ্মী আদৰণি আৰু পৰম্পৰাগত বাথৌ আৰজ পৰিৱেশনেৰে শান্তি, সমন্বয়ৰ মুকলি আহ্বানেৰে অগণন বাথৌ ধৰ্মৰ ভক্ত সকলে সন্মিলনৰ সামৰণি পেলায়।

নিখিল বাথৌ মহাসভাৰ উপ সভাপতি মোহন স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্বোধনী ভাষণত বৰ্ষীয়াণ শিল্পী, লেখক ঘনশ্যাম স্বৰ্গীয়াৰীয়ে কয় যে, বাথৌ ধৰ্ম-সংস্কৃতি বড়ো সকলৰ আদি ধৰ্ম । কিন্তু বাথৌ ধৰ্ম-সংস্কৃতি অকল বড়ো জনগোষ্ঠীৰ মাজতেই আবদ্ধ হৈ থকা নাই ৷

লগতে তেওঁ কয় যে, বাথৌ ধৰ্মক কেন্দ্ৰ কৰি গঠিত নিখিল বাথৌ মহাসভা আৰু ইয়াক লৈ গঠিত জাতীয় সংগঠনটোক অকল বড়ো জনগোষ্ঠীৰ মাজত আৱদ্ধ নাৰাখি বৃহত্তৰ অসমীয়া সমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগুৱাই নিয়া হৈছে ৷ এদিন বিশ্বৰ প্ৰান্তে প্ৰান্তে সমগ্ৰ বিশ্ববাসীকো বাথৌ ধৰ্ম-সংস্কৃতিৰ তাৎপৰ্য জ্ঞাত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে নিখিল বাথৌ মহাসভাই।

বাথৌ আৰজৰ শ্ৰুতিমধুৰতাই আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টিৰ জৰিয়তে বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ উদাহৰণো আছে । বাথৌ ধৰ্ম-সংস্কৃতিত সৰ্বস্তৰৰ মানুহক সংঘবদ্ধ হোৱাৰ মুকলি আহ্বান জনোৱা হয় ।

সন্মিলনখনত বাথৌ মহাসভাৰ মুখ্য সাংগঠনিক সম্পাদক কান্তেশ্বৰ বৰগয়াৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দায়ে । মহাসভাৰ অধ্যক্ষ হলিৰাম মুছাহাৰী, মহাসভাৰ মাইনাও আফাদৰ সভানেত্ৰী কবিতা বসুমতাৰী, সম্পাদিকা সৰোজিনী দেউৰী, গোৱৰ্ধনা খাৰিজা বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ জুনু স্বৰ্গীয়াৰী, অনাতাঁৰ শিল্পী পদ্মধৰ বসুমতাৰীকে ধৰি কে’বাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে সন্মিলনখনত ৷

২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সন্মিলনত বাথৌ থানশালি শুদ্ধিকৰণ, বাথৌ আৰজ পৰিৱেশন, সম্বৰ্ধনা অনুষ্ঠান, পতাকা উত্তোলন, স্মৃতিচাৰণ অনুষ্ঠান, আলোচনাচক্ৰ, সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যসূচীও ৰূপায়িত হয় ৷

Exit mobile version