হােটেলত মহিলাৰ স’তে আপত্তিজনক অৱস্থাত তিনি বিচাৰপতি

Screenshot 165

অৱশেষত বখাস্ত কৰা হ’ল বিহাৰৰ তিনি অভিযুক্ত বিচাৰপতিক। ২০১৩ৰ জানুৱাৰীত নেপালৰ বিৰাট নগৰৰ এখন হােটেলত মহিলাৰ লগত আপত্তিকৰ অৱস্থাত উদ্ধাৰ কৰা হৈছিল বিচাৰপতিকেইজনক। নেপাল আৰক্ষীয়ে আটাইকেইজনকে সেই সময়ত আটক কৰিছিল যদিও পাছত মুকলি কৰি দিয়ে। পৰৱর্তী সময়ত নেপালৰ এখন বাতৰি কাকতে বিষয়টো পােহৰলৈ অনাৰ পাছত আৰম্ভ হয় বিচাৰ প্রক্রিয়া।

এনেদৰেই এসময়ত উচ্চ ন্যায়ালয়ৰ পৰা গৈ গােচৰটো উচ্চতম ন্যায়ালয় পায়গৈ। যােৱা বছৰ ছেপ্টেম্বৰত বিচাৰপতিকেইজনক বখাস্ত কৰাৰ নির্দেশ দিয়ে পাটনা উচ্চ ন্যায়ালয়ে। ২০১৯ত পাটনা উচ্চ ন্যায়ালয়ৰ এই নির্দেশ সম্প্রতি বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে। বিহাৰ চৰকাৰে জাৰি কৰা নিম্ন আদালতৰ এই তিনি বিচাৰকক বৰ্খাস্তকৰণৰ নিৰ্দেশত কোৱা হয় যে বাস্তণৰ এই নির্দেশ ২০১৪ ১২ ফেব্ৰুৱাৰীৰ পৰা কার্যকৰী হ’ব।

এই নির্দেৰ্শৰ পাছত বিচাৰপতিকেইজনে অৱসৰৰ পৰৱৰ্তী সময়ত অৱসৰৰ পাবলগীয়া কোনাে ধন এতিয়া লাভ নকৰিব। ঘটনাৰ সময়ত অভিযুক্ত বিচাৰপতি হৰিনিবাস গুপ্ত আছিল সমস্তিপুৰ পৰিয়াল আদালতৰ মুখ্য বিচাৰক। জিতেন্দ্রনাথ সিং আছিল অতিৰিক্ত জিলা ন্যায়াধীশ। কোমল ৰাম আছিল অতিৰিক্ত ন্যায়াধীশ তথা মুখ্য ন্যায়িক দণ্ডাধীশ। নেপালৰ বাতৰি কাকত ‘উঘােষ’ৰ প্রতিবেদনত সমগ্ৰ বিষয়টো স্পষ্ট হৈ আছে।

নেপালৰ বিৰাটনগৰস্থিত মেট্র’ হােটেলত আৰক্ষীয়ে চলােৱা অভিযানৰ সময়ত বিচাৰপতি তিনিজনক মহিলাৰ স’তে আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰিছিল। ২০১৪ৰ ২৬ জানুৱাৰীত তিনিওকে আৰক্ষীয়ে জিম্মাত লয়।লগে লগে জাৰি কৰা হয় বৰ্খাস্ত নিদের্শ। একেটা বর্ষৰে ফেব্ৰুৱাৰীত বখাস্তকৰণৰ বিৰুদ্ধে বিচাৰপতিকেইজনৰ দ্বাৰা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হয়। ২০১৫ত মুখ্য ন্যায়াধীশৰ নির্দেশত পাঁচ ন্যায়াধীশক লৈ এখন বিশেষ কমিটী গঠন কৰা হয়। ন্যায়ালয়ে বখাস্তকৰণৰ পক্ষেই কমিটীৰ পৰামর্শ অনুসৰি ৰায়দান কৰে। পৰৱৰ্তী সময়ত এই ৰায়দান বাহাল ৰাখে উচ্চতম ন্যায়ালয়েও। ইয়াৰ পাছতে প্রশাসনিক নির্দেশ জাৰি কৰা হয়। ঘটনাৰ সাত বছৰ পাছত অভিযুক্ত বিচাৰপতিকেইজনৰ বৰ্খাস্তকৰণৰ নির্দেশ কার্যকৰী কৰা হয়।

Exit mobile version