কাইলৈৰ পৰা ৩৩ সংখ্যক গুৱাহাটী গ্রন্থমেলা

Bookfest FB

গ্ৰন্থৰ সুবাসে পুনৰ উমাল কৰিব শীতৰ সন্ধিয়া। অহা ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিতব্য ৩৩ সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ বাবে প্রস্তুতি সম্পূর্ণ কৰিছে অসম প্ৰকাশন পৰিষদে। গুৱাহাটীৰ চান্দমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত ইতিমধ্যে সাজু কৰি তােলা হৈছে গ্ৰন্থৰ বিপণীসমূহ। নতুন দিল্লী, কলকাতা তথা অসমৰ শতাধিক প্রশাসন গােষ্ঠীয়ে অংশগ্রহণ কৰিবলগীয়া গুৱাহাটী গ্রন্থমেলা ৩০ ডিচেম্বৰৰ বিয়লি চাৰি বজাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে উদ্বোধন কৰিব।

এই কথা সদৰী কৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমােদ কলিতা আৰু উপাধ্যক্ষ সুমন্ত চলিহাই। মন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাই সভাপতিৰূপে অংশগ্রহণ কৰিবলগীয়া উদ্বোধনী সভাত পশ্চিমবংগ নিবাসী বিশিষ্ট লেখক, ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়ে সম্মানীয় অতিথিৰূপে অংশগ্রহণ কৰিব। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গােস্বামী আৰু অৰুণাচল প্রদেশৰ নিবাসী অসমীয়া ভাষা-সাহিত্যৰ অন্যতম মহীৰূহ য়েছে জে ঠংচিয়ে।

উল্লেখ্য যে অসম প্ৰকাশন পৰিষদে প্রতি বছৰে বিভিন্ন গৱেষণামূলক গ্রন্থ, বৰেণ্য লেখক-সাহিত্যিকৰ ৰচনাৱলী তথা আন আন আপুৰুগীয়া গ্রন্থ প্রকাশ আৰু পুনৰ প্ৰকাশ কৰি আহিছে। এই ধাৰা অক্ষুন্ন ৰাখি এইবেলি প্রকাশন পৰিষদে প্রকাশ কৰি উলিওৱা ১০ খন বিশেষ গ্রন্থ গ্রন্থমেলাত উন্মােচন কৰা হ’ব। ইপিনে, এইবেলি গ্রন্থমেলাত এলানি বিশেষ কার্যসূচীৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে বুলি সদৰী কৰিছে প্রশাসন পৰিষদৰ বিষয়ববীয়া দুজনে।

সেই অনুযায়ী অহা দুই জানুৱাৰীত ‘উন্মীলন’ শীর্ষক যুৱ লেখকৰ সাহিত্যানুষ্ঠান অনুষ্ঠিত হ’ব। যত প্রতিজন তৰুণ লেখক-লেখিকাই পাঁচ মিনিটকৈ বক্তব্য দাঙি ধৰিব পাৰিব। আনহাতে, সেই দিনাই অৰুণােদই’ আলােচনীৰ ১৭৫ বছৰ উপলক্ষে আন এক বিশেষ অনুষ্ঠানৰ আয়ােজন কৰা হৈছে। একেদৰে চাৰি জানুৱাৰীত সামাজিক মাধ্যমত সাহিত্য চর্চা’ শীর্ষক আলােচনাচক্র প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত হ’ব। আনহাতে, পাঁচ জানুৱাৰীত অনুষ্ঠিত কৰা হ’ব ‘অসমীয়া ভাষা বৈভৱ’ ড° গােলক চন্দ্র গােস্বামী সোঁৱৰণী অনুষ্ঠান।

ছয় জানুৱাৰীত অনুষ্ঠিত হ’ব সাহিত্য-আলচ’ শীর্ষক লেখক, পাঠকৰ আড়া। শিশু সাহিত্যিক গগন চন্দ্র অধিকাৰী সোঁৱৰণী অনুষ্ঠান।অনুষ্ঠিত হ’ব সাত জানুৱাৰীত। তদুপৰি গ্রন্থমেলাৰ প্ৰতিদিনে বিভিন্ন সাহিত্য অনুষ্ঠান, প্রতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানাে আয়ােজন কৰা হ’ব। ইপিনে, গ্রন্থমেলাৰ দুটা প্রেক্ষাগৃহ ক্রমে বিশিষ্ট চিত্রশিল্পী বেণু মিশ্ৰ আৰু শিশু সাহিত্যিক গগন চন্দ্র অধিকাৰীৰ স্মৰণত নামাংকন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে ।

অহা ১০ জানুৱাৰীত মন্ত্রী ড° শৰ্মাই সভাপতিত্ব কৰিবলগীয়া গ্রন্থমেলাৰ সামৰণি অনুষ্ঠানত ৰাজ্যিক শিক্ষামন্ত্রী ভবেশ কলিতা, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, বড়াে সাহিত্য সভাৰ সভাপতি তৰেণ বড়াে, ঝাৰখণ্ড নিবাসী হিন্দী ভাষাৰ বিশিষ্ট সাহিত্যিক পংকজ মিত্রকে ধৰি কে’বাজনাে বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। প্রণিধানযােগ্য যে প্রতি বছৰৰ দৰে এইবাৰাে দুজন ব্যক্তিক জীৱনজোৰা সাধনাৰ বাবে বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে পৰিষদে।

২০১৯ৰ বাবে যশস্বী সাহিত্যিক তথা সংস্কৃত পণ্ডিত ড° থানেশ্বৰ শৰ্মা আৰু ২০২০ৰ বাবে বিশিষ্ট ভাষাবিদ, ধ্বনিতত্ত্ববিদ তথা শিক্ষাবিদ ড° ৰমেশ পাঠকক আগবঢ়োৱা হ’ব জীৱনজোৰা সাধনা বঁটা। প্রায় ৬০ লাখ বাজেটেৰে অনুষ্ঠিতব্য এই গ্রন্থমেলাৰ টিকট সম্পূর্ণ বিনামূলীয়া হ’ব বুলি সদৰী কৰে সচিব কলিতাই। ইফালে, অসমত সর্বপ্রথম অসমীয়া মুদ্রিত লিপিৰ কাম হাতত লােৱা হৈছে বুলি সদৰী কৰিছে পৰিষদৰ সচিবজনে। ইমান বছৰে অসমীয়া লিপিৰ সম্পৰ্কত অসমীয়া ৰাইজে অভাৱ অনুভৱ কৰি অহাৰ পৰিপ্ৰেক্ষিতত পৰিষদে অশেষ কষ্টৰে এয়া সম্পূর্ণ অসমীয়া লিপিত উলিয়াবলৈ সক্ষম হৈছে বুলি কয়। তদুপৰি পৰিষদে ৩৮ খন আপুৰুগীয়া গ্রন্থ নতুনকৈ মুদ্রণ কৰি উলিয়াইছে আৰু ৩৯ খন গ্রন্থ নতুনকৈ ছপা কৰিছে। ইয়াৰে ১০ খন গ্রন্থমেলাৰ বাকৰিত মুকলি কৰা হ’ব।

Exit mobile version