গৌৰীপুৰত সংঘটিত হোৱা হত্যাকাণ্ডৰ ১৪ জন অভিযুক্তক গ্ৰেপ্তাৰ

Screenshot 167

যোৱা দেওবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰ অন্তৰ্গত গেৰামাৰী ১ম খণ্ড গাঁৱৰ সংঘটিত হোৱা হত্যাকাণ্ডৰ ১৪ গৰাকী মূল অভিযুক্তক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাজোৰ জেললৈ প্ৰেৰণ কৰে ।

ADVERTISEMENT

উল্লেখ্য যে গৌৰীপুৰ থানাত ৰুজু হোৱা ১৫৮৭/২০ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত হোৱা ২৪ ঘন্টাৰ ভিতৰতে ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত বিভিন্ন ঠাইত অভিযান চলাই । অভিযানত হত্যাকাণ্ডৰ লগত জড়িত ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, এডোখৰ মাটিক লৈ দুই ফৈদৰ মাজত দীৰ্ঘদিনে ভূমিকেন্দ্ৰিক বিবাদ চলি আছিল । অৱশেষত ভূমিকেন্দ্ৰিক বিবাদে চৰম পৰ্যায়ৰ ৰূপ লয় । এটা ফৈদে ডিঙি কাটি হত্যা কৰিলে জেছমিনা খাতুনৰ লগতে মমতাজ আলীক ।

মাটি সম্পত্তিক লৈ এনে ধৰণৰ ঘটনা নকৰিবলৈ আহ্বান ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ । সম্প্ৰতি ধুবুৰী জিলা আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version