চৰকাৰী জাননী জাৰিঃ বিটিআৰত গাঁও অন্তর্ভুক্তি-কৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ

bodoland landscapes

বিটিআৰ অঞ্চলত জনজাতি গাঁও অন্তর্ভুক্তিকৰণ আৰু অজনজাতীয় গাঁও কর্তনৰ সন্দৰ্ভত পৰামৰ্শ বিচাৰিছে অসম চৰকাৰে শেহতীয়াভাৱে গঠন কৰা আয়ােগে। চলিত বৰ্ষৰ ২৭ জানুৱাৰীত কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কে’বাটাও বড়াে সংগঠন তথা এনডিএফবিৰ মাজত এক নিষ্পত্তিৰ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ ৩.১ নম্বৰ দফা অনুসৰি কেইটামান বিষয় পৰীক্ষা কৰি পৰামৰ্শৱলী প্রদান কৰিবলৈ ৰাজ্য চৰকাৰে এখন আয়ােগ গঠন কৰিছে।

এই আয়ােগে গাঁওসমূহৰ অন্তর্ভুক্তিকৰণ আৰু কর্তন সম্পর্কে সংশ্লিষ্ট সংগঠন-দলসমূহৰ পৰা লাভ কৰা পৰামর্শ-দাবীসমূহ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব আৰু বিটিআৰৰ ভূমিৰ সালসলনি আয়ােগৰ সচিবে এক জাননীযােগে এই কথা প্রকাশ কৰিছে। আয়ােগে পৰীক্ষা কৰিবলগীয়া বিষয় দুটা হৈছে বিভিন্ন বড়াে সংগঠনে দাবী কৰা অনুসৰি গৰিষ্ঠ সংখ্যক জনজাতীয় লােক বাস কৰা তথা বিটিআৰৰ সমীপস্থ গাঁওসমূহ, যিবােৰ বর্তমান বিটিআৰৰ অধীনত আছে সেইসমূহ বাদ দিয়া।

জাননীত কোৱা হৈছে যে আয়ােগে গাঁওসমূহৰ অন্তর্ভুক্তিকৰণ আৰু কর্তন সম্পর্কে সংশ্লিষ্ট সংগঠন, দলসমূহৰ পৰা লাভ কৰা পৰামর্শ, দাবীসমূহ গ্রহণ কৰিবলৈ সিদ্ধান্ত লৈছে আৰু এনে দাবী-পৰামৰ্শ দল-সংগঠনে ২০২১ৰ ১৫ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব পাৰিব। এই পৰামৰ্শদাবী দাখিল কৰােতে অন্তর্ভুক্ত কৰিবলগীয়া অথবা বাদ দিবলগীয়া গাঁওসমূহৰ পূর্ণ বিতৰণ উল্লেখ কৰিব লাগিব। গাঁও, মৌজা, ৰাজহ চক্ৰ, জিলা, বিটিআৰৰ সমষ্টি আৰু বিধানসভা সমষ্টিৰ বিষয়ে বিতং উল্লেখ থাকিব লাগিব।

Exit mobile version