ছ’চিয়েল মিডিয়াত এতিয়া দ্ৰুত গতিত ভাইৰেল এখন বিশেষ বিয়া

97be4037 0d4f 49f8 a5da 12026759b013

এখন আচৰিত বিয়া । ছ’চিয়েল মিডিয়াত এতিয়া দ্ৰুত গতিত ভাইৰেল এই বিশেষ বিয়াখন । নবৌৱেকৰ স’তে বিবাহপাশত আবদ্ধ এজন দৰা । ঘটনাটো বিহাৰৰ দ্বাৰভাঙাত । এটা পৰিয়ালৰ লোকে জোৰকৈ এটা মন্দিৰত বিয়া পাতি দিছে মৃত ককায়েকৰ পত্নীৰ লগত। বিবাহত বহাৰ ইচ্ছা নাছিল দেৱৰৰ ।

ভাইৰেল হোৱা ভিডিঅটোত দেখা গৈছে যে দৰায়ে বিয়া নকৰোঁ বুলি মন্দিৰত হাত যোৰ কৰি পৰিয়ালক কাকুতি-মিনতি কৰি কান্দোন আৰম্ভ কৰিছে যদিও ঘৰৰ লোকে জোৰ কৰি দৰাক বিয়াত বঢ়াইছে। তথ্য অনুসৰি পৰিয়ালৰ কোনো অন্য পুৰুষৰ লগত নবৌয়েকৰ আছিল অবৈধ সম্পৰ্ক । তাৰ পাছতে গাঁৱৰ লগতে পৰিয়ালৰ লোকে এই কথা গম পাই দেৱৰেকৰ স’তে বিয়া কৰাই দিয়ে মহিলাগৰাকীক।

Exit mobile version