জুৱাৰীৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান

Screenshot 166

গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰৌৱাৰ পাৰ তৃতীয় খণ্ড গাঁৱত দীৰ্ঘদিনৰ পৰা এটি জুৱাৰীৰ বৃহৎ দলে জুৱাৰ আড্ডা বহুৱাই অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ বিনিষ্ট কৰা বুলি ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এক গোপন তথ্য লাভ কৰে ।

ADVERTISEMENT

 

উক্ত তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে গৌৰীপুৰ চহৰৰ উপ-পৰিৰ্দশক ত্রিলোচন দাসে ৰৌৱাৰ পাৰ তৃতীয় খণ্ড গাঁৱত অভিযান চলাই তিনিজনকৈ ডাব্বু খেলৰ মালিক ক্ৰমে, সাহেৰ আলী, মজিদ আলী আৰু জৈনুদ্দিন আলীক আটক কৰাৰ লগতে ডাব্বু খেলৰ বহু সামগ্ৰী জব্দ কৰাৰ উপৰি নগদ ধনো জব্দ কৰে ।

Exit mobile version