ধুবুৰীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদ

unnamed 4

মঙ্গলবাৰে ধুবুৰীত ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হয় । শেহতীয়াকৈ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ বিৰুদ্ধে ধুবুৰী জিলা কংগ্ৰেছৰ এই বিশাল প্ৰতিবাদ। ধুবুৰী ৰাজীৱ ভৱনৰ পৰা চাইকেল ৰেলী কৰি উপায়ুক্ত কাৰ্যলয়ত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে ধুবুৰীৰ ৰাজপথ উত্তাল কৰি তোলে। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল, গেছৰ দাম নিয়ন্ত্ৰণ কৰি সাধাৰণ জনতাক মূল্যবৃদ্ধিৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্যপালৰ হস্তক্ষেপৰ দাবী তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Exit mobile version