মানাহৰ বনভোজস্থলীত গাড়ী পাৰ্কিঙৰ নামত অবৈধ উপায়েৰে ধন সংগ্ৰহ

WhatsApp Image 2020 12 29 at 5.43.56 PM

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এতিয়া চলিছে গুণ্ডাৰাজ। উদ্যানখনলৈ অহা দূৰ-দূৰণিৰ দৰ্শনাৰ্থীসকলৰ পৰা গাড়ী পাৰ্কিঙৰ নামত অবৈধ উপায়েৰে একাংশ অসাধু লোকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগৰ ভিত্তিতে আজি প্ৰশাসনে ধন সংগ্ৰহ কাৰ্য তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে ৷

উল্লেখ্য, উদ্যানখনত সাধাৰণতে অক্টোবৰৰ পৰা প্ৰায় এপ্ৰিল-মে’লৈকে পৰ্যটনৰ বতৰ হিচাপে গণ্য কৰা হয় । যদিও বছৰৰ শেষৰ দিনকেইটাতহে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে খৰালি মাহত বেঁকী নৈৰ বালিচৰত বহি লগে-ভাগে এসাঁজ খোৱাৰ বাবেই ঘাইকৈ অঞ্চলটোত দৰ্শনাৰ্থীসকলৰ এই অঞ্চলটোলৈ আগমণ ঘটে ।

জানিব পৰা মতে, অসাধু চক্ৰটোৱে নানান অজুহাত দেখুৱাই প্ৰতিখন ডাঙৰ গাড়ীৰ নামত চাৰিশ টকা, মধ্যমীয়া আৰু সৰু গাড়ীৰ ক্ষেত্ৰত ক্ৰমে তিনিশৰ পৰা দুশ টকাকৈ ধন সংগ্ৰহ কৰি আহিছিল । তদুপৰি বাইক পাৰ্কিঙৰ নামতো প্ৰতিখনৰে পৰা ২০ টকাকৈ সংগ্ৰহ কৰি থকা হৈছিল ধন।

বিষয়টো সন্দৰ্ভত বনভোজস্থলীৰ পৰিচালনা সমিতিৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও এই ক্ষেত্ৰত কোনোধৰণৰ মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল।

অবৈধ উপায়েৰে ধন সংগ্ৰহৰ এনে ঘটনাই প্ৰকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগটোৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে বুলিও মত ব্যক্ত কৰিছে কে’বাগৰাকীও দৰ্শনাৰ্থী- সচেতন ব্যক্তিয়ে । প্ৰশাসনক অনতি পলমেই ইয়াৰ মূলোচ্ছেদ কৰিবলৈও আহ্বান জনাইছে উদ্যোগটোৰ সৈতে জড়িত কে’বাগৰাকীও সচেতন ব্যক্তিয়ে।

Exit mobile version