মালিয়া-মোদীতকৈ ১০ গুণ অধিক ধনৰ জালিয়াতি অনিল অম্বানীৰ

mukesh ambani 1595511349

সুৰা সম্ৰাট বিজয় মালিয়া আৰু হীৰাৰ ব্যৱসায়ী নিৰৱ মোদীৰ প্ৰবঞ্চনাৰ কাহিনীয়ে দেশত দীৰ্ঘদিন ধৰি চাঞ্চল্যৰ সৃষ্টি কৰি অহাৰ সময়তে এইবাৰ উন্মোচিত হৈছে ৰিলায়েন্সৰ অনিল অম্বানীৰ বৃহৎ প্ৰবঞ্চনাৰ ঘটনা । এই জালিয়াতিৰ ধনৰ পৰিমাণ মোদী আৰু মালিয়াতকৈ ১০ গুণ অধিক ।

দেশৰ বৃহত্তম লেনদেনকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)কে ধৰি তিনিটা আগশাৰীৰ বেংকে এই অভিযোগ উত্থাপন কৰিছে । অম্বানি নেতৃত্বাধীন ৰিলায়েন্স গ্ৰুপৰ তিনিটা প্ৰতিষ্ঠানৰ একাউণ্টত জালিয়াতি হোৱা বুলি চিনাক্ত কৰিছে বেংকে । ৰিলায়েন্স কমিউনিকেচন, ৰিলায়েন্স ইনফ্ৰাটেল আৰু ৰিলায়েন্স টেলিকমে ৮৬,১৮৮ কোটি বেংকক আদায় দিবলৈ বাকী আছে ।

এই পৰিমাণ মালিয়া আৰু মোদীৰ প্ৰবঞ্চনাতকৈ ১০ গুণ অধিক । দেউলীয়া অৰ্বুদপতি অম্বানিয়ে অৱশ্যে তেওঁ কপৰ্দকশূণ্য বুলি কৈছে যদিও এই ভাষ্য মানি লোৱা নাই ভাৰতীয় বেংকসমূহে ।

ৰিলায়েন্স কমিউনিকেচনৰ দেউলীয়া অৱস্থাৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত এছ বি আই, ইউনিয়ন বেংক অৱ ইণ্ডিয়া (ইউ বি আই) আৰু ইণ্ডিয়ান অভাৰচীজ বেংক (আই অ’ বি)এ কোম্পানীৰ একাউণ্ট আৰু ইয়াৰ গোটসমূহক প্ৰবঞ্চকৰ বুলি শ্ৰেণীভুক্ত কৰিছে ।

সূত্ৰত প্ৰকাশ যে অম্বানী নেতৃত্বাধীন ৰিলায়েন্স কমিউনিকেচন, ৰিলায়েন্স ইনফ্ৰাটেল আৰু ৰিলায়েন্স টেলিকমৰ একাউণ্টৰ জৰিয়তে হোৱা লেনদেনৰ বিতং তদন্ত কৰিব তিনিটা বেংকে । অৱশ্যে অহা‌ ১৩ জানুৱাৰীৰ শুনানি পৰ্যন্ত একাউণ্টসমূহ জালিয়াতিৰ শ্ৰেণীভুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰাখিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে ইউ বি আই‌ আৰু আই অ’ বিক নিৰ্দেশ দিছে ।

ৰিলায়েন্স কমিউনিকেচনৰ ৱেবছাইটত উল্লেখ থকা অনুসৰি কোম্পানীৰ ঋণৰ পৰিমাণ আছিল ৯০০০ কোটি টকা আৰু হীৰাৰ ব্যৱসায়ী নিৰৱ মোদীৰ দেনা আছিল ৭৪০৯.০৭ কোটি টকা ।

অনিল অম্বানীৰ নেতৃত্বাধীন প্ৰতিষ্ঠানকেইটাৰ কমেও ৫৫০০ সন্দেহজনক লেনদেন ফৰেনচিক গণনাত উন্মোচিত হোৱাৰ প্ৰায় এবছৰৰ পাছত জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে । সেই সময়ত তদন্তত তথ্য উদ্ধাৰ হৈছিল যে ২০১৭ৰ মে’ৰ পৰা ২০১৮ৰ মাৰ্চ পৰ্যন্ত তিনিটা বৃহৎ সন্দেহজনক লেনদেন সম্পন্ন হৈছিল ।

Exit mobile version