চলিত বৰ্ষৰ বিদায়ত কৰিণা কপোৰ আৰু চেইফ আলী খানৰ নৈশিক ভোজনৰ আয়োজন

Screenshot 169

জনপ্ৰিয় অভিনেত্ৰী কৰিণা কপোৰে তেওঁলোকৰ ‌কালিৰ নৈশিক ভোজনৰ ছবি ছেয়াৰ কৰিলে ইনষ্টাগ্ৰামত । ভোজনত চেইফ আলী খান, কৰিণা কপোৰসহ তেওঁৰ পৰিয়ালবৰ্গ  অৰমান জেইন, আদৰ জেইন আৰু জহান‌ কপোৰ উপস্থিত আছিল ।

২০২০ৰ শেষৰ ফালে কিছু সংখ্যক তাৰকাই ‘মিনি ভেকেচন’ত গৈছে আৰু কিছু সংখ্যকে বন্ধুবৰ্গক লগ কৰিছে । বৰদিনৰ নিশা কৰিণা আৰু চেইফে সুস্বাদু নৈশিক ভোজনৰ আয়োজন কৰাৰ পাছত পুনৰ কালি ভোজনৰ আয়োজন কৰিলে দুয়োজনে ।

কৰিণা আৰু চেইফক প্ৰায়েই নৱ‌ বৰ্ষ উদযাপন কৰিবৰ বাবে চুইজাৰলেণ্ডলৈ যোৱা পৰিলক্ষিত হয় । বিগত বৰ্ষত তেওঁলোকে ‘গেষ্টাৰ্ড’ৰ ভেকেচনত অনুষ্কা শৰ্মা, বিৰাট ক’হলি, বৰুণ ধ্বৱণ আৰু নটাছা দলালকো যোগ দিছিল । চলিত বৰ্ষত তেওঁলোকৰ বহিৰাগত পৰিকল্পনা হয়তো অতিমাৰিৰ বাবে স্তব্ধ কৰিব লগা হৈছে ।

ইনষ্টাগ্ৰামত ফটোৰ স’তে কৰিণাই লিখিছিল, ‘নৱ বৰ্ষৰ আগমণৰ কাউণ্টডাউন আৰম্ভ… ফটো সৌজন্য চেইফ আলী খান… পৰিয়ালবৰ্গৰ স’তে নৈশিক ভোজন.. মেনুত কি আছে ?’

অতি শীঘ্ৰেই কৰিণা কপোৰক অমিৰ খানৰ স’তে ‘লাল সিং ছড্ডা’ ফিল্মত দেখিবলৈ পোৱা যাব ।

Exit mobile version