কৰ’না প্ৰতিষেধকলৈ অনুমোদন

download

দীর্ঘ প্রতীক্ষাৰ অৱসান ঘটিল। অৱশেষত নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতত কৰনাৰ প্ৰথমটো প্রতিষেধকৰ অনুমােদন পত্র লাভৰ পথ স্পষ্ট হ’ল। পৰীক্ষামূলকভাৱে দেশত প্রতিষেধক প্রদান পর্বতে আৰম্ভ হৈছিল। এইবাৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ বিশেষজ্ঞ সমিতিৰ তৰফৰ পৰা এই ক্ষেত্ৰত চূড়ান্ত অনুমােদন প্রদান কৰা হ’ল। অক্সফ’ৰ্ডৰ কভিড-১৯ৰ প্রতিষেধক প্রস্তুতকাৰী সংস্থা ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ এই প্রতিষেধক দেশৰ দৰব নিয়ন্ত্রক প্ৰধানলৈ প্ৰেৰণ কৰা হ’ব।

অক্সফ’র্ড বিশ্ববিদ্যালয় আৰু দৰব প্রস্তুতকাৰী বৃহৎ সংস্থা এষ্ট্রাজেনেকাৰ যৌথ গৱেষণাত প্রস্তুত কৰা কভিছিল্ড উৎপাদন কৰিছে ভাৰতৰ ছেৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকে ক’ভেক্সিনৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষেদৰ স’তে একেলগে কাম কৰি আছে। চৰকাৰী বিশেষজ্ঞ পেনেলৰ সন্মুখত দুই প্রতিষেধক নির্মাতা সংস্থাই তেওঁলােকৰ প্ৰস্তাৱনা দাঙি ধৰে। ইপিনে, আন এটা কোম্পানী ফাইজাৰে অধিক সময় বিচাৰিছে।

কেন্দ্রীয় চৰকাৰে এই মাহৰ পৰাই প্রতিষেধক দিবলৈ সাজু হৈছে। ইতিমধ্যে বিভিন্ন ৰাজ্যত প্রতিষেধকৰ পৰীক্ষামূলক প্রয়ােগ বা ‘ড্রাই ৰাণ’ আৰম্ভ হৈছে। ৰাজধানী নতুন দিল্লীত এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে নিজে তদাৰক কৰিব। এইদৰে বিশেষজ্ঞ কমিটীৰ অনুমােদন লাভ কৰাটো বৃহৎ পদক্ষেপ বুলি কোৱা হৈছে। ভাৰতৰ বাবে এই পদক্ষেপ অধিক গুৰুত্বপূর্ণ কিয়নাে আমেৰিকাৰ পাছতে কৰ’না সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে ভাৰত।

ভাৰত চৰকাৰে আগন্তুক ছয়ৰ পৰা আঠ মাহৰ ভিতৰত ৩০ কোটি মানুহক প্রতিষেধক প্রদান কৰিব বুলি পৰিকল্পনা কৰিছে। এই মুহূৰ্তলৈ ছেৰাম ইনষ্টিটিউট আৰু চৰকাৰে প্রতিষেধক ক্ৰয়ৰ বাবে কোনাে চুক্তি স্বাক্ষৰ কৰা নাই। বিশ্বৰ সৰ্ববৃহৎ উৎপাদনকাৰী কোম্পানীটোৱে কয় যে তেওঁলােকে ঘৰুৱা বজাৰক প্রাধান্য দিব। পৰৱৰ্তী পৰ্যায়ত বিশেষকৈ দক্ষিণ এছিয়া আৰু আফ্রিকাৰ ৰাষ্ট্ৰসমূহলৈ ৰপ্তানিত গুৰুত্ব দিয়া হ’ব।ছেৰামৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই কয় যে ইতিমধ্যে এই প্রতিষেধকৰ পাঁচ কোটি পালি প্রস্তুত কৰিছেকোম্পানীয়ে। মাৰ্চৰ ভিতৰত কমেও ১০ কোটি পালি প্রস্তুতৰ পৰিকল্পনা কৰিছে বুলি তেওঁ সদৰী কৰে।

Exit mobile version