অহা এপ্রিল-মে’ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ পূর্বে অসমত হ্রাস পাব পেট্রল-ডিজেলৰ মূল্য। ৰাজ্য চৰকাৰে নিজাকৈ অতিৰিক্ত একাধিক কৰ আৰােপ কৰাৰ ফলত।অসমত দেশৰ কে’বাখনাে ৰাজ্যৰ তুলনাত সামগ্রী দুবিধৰ মূল্য অধিক।
সম্প্রতি প্রতি লিটাৰ পেট্র’লৰ মূল্য হ’ল ৮৭ আৰু ডিজেলৰ মূল্য হ’ল ৮০.৪২ টকা।
তীব্র ক্ষোভত ভুগিও বাধ্য হৈ গ্রাহকে এই উচ্চ মূল্যতে পেট্রল-ডিজেল ক্ৰয় কৰি আহিছে। ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰভাৱ বজাৰতাে পৰিছে। ৰাজ্যৰ বজাৰত সকলাে সামগ্ৰীৰ উচ্চ মূল্যৰ অন্যতম কাৰণ হ’ল ইন্ধনৰ মূল্যবৃদ্ধি। এইবােৰৰ প্ৰভাৱ নিৰ্বাচনত পৰাৰ আশংকা কৰা হৈছে।
সেইবাবে ফেব্ৰুৱাৰীৰ পৰা সামগ্রী দুবিধৰ মূল্য হ্রাসৰ হিচাপ-নিকাচ চৰকাৰ তথা বিত্ত বিভাগে অব্যাহত ৰাখিছে। ফেব্ৰুৱাৰীত অসম বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হ’ব। অৱশ্যে নির্বাচনৰ পৰিপ্ৰেক্ষিতত পূর্ণাংগ বাজেটৰ পৰিৱর্তে বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লেখানুদানহে দাখিল কৰিব।
তাতেই পেট্রল-ডিজেলৰ মূল্য হ্রাসৰ বিষয়টো সন্নিৱিষ্ট হ’ব। সুৰাৰ মূল্যও এই লেখানুদানতে হ্রাস কৰা হ’ব। উল্লেখ্য যে সকলাে নির্বাচন পূর্বে এই ধৰণৰ তৎপৰতা চৰকাৰবােৰে চলাই আহিছে। অলপতে অনুষ্ঠিত হােৱা বিহাৰ বিধানসভা নির্বাচনৰ পূর্বেও পেট্রল-ডিজেলৰ মূল্য হ্রাস কৰা হৈছিল। নির্বাচনৰ পাৰ হােৱাৰ কেইদিনমান পাছতে পুনৰ সামগ্রী দুবিধৰ মূল্যৰ ঊর্ধ্বমুখী গতি আৰম্ভ হয়।