নতুন বছৰত গ্রাহক জালিয়াতিৰ পৰা সুৰক্ষিত ৰখাৰ দিহা এছ বি আইৰ

State bank of India

ভাৰতীয় ষ্টেট বেংকৰ উপভােক্তা নেকি আপুনি? যদি হয় তেন্তে আপােনাৰ বাবে আছে জানিবলগীয়া খবৰ। দেশৰ সর্ববৃহৎ চৰকাৰী বেংকটোৱে নতুন বছৰৰ আৰম্ভণিৰে পৰা ধন জমাৰ ক্ষেত্ৰত নতুন বৱস্থা মুকলি কৰিছে। নতুন এই পদ্ধতিত চেকৰ মাধ্যমেদি ৫০ হেজাৰ টকাতকৈ অধিক ধৰাশিৰ ক্ষেত্ৰত উপভােক্তাই বিভিন্ন জৰুৰী তথ্য নতুনকৈ নিশ্চিত কৰিব লাগিব। এই পদ্ধতি ইতিমধ্যে যােৱা পহিলা জানুৱাৰীৰ পৰা প্ৰৱৰ্তন কৰা হৈছে দেশৰ সকলােবােৰ এছ বি আই শাখাত।

ভাৰতীয় ৰিজার্ভ বেংকৰ তৰফৰ পৰা পূর্ব নির্ধাৰিত নির্দেশনা অনুসৰি এই পজিটিভ পে’ ছিষ্টেম জাৰি কৰা হৈছে এছ বি আইত। গ্রাহকসকলক জালিয়াতিৰ পৰা সুৰক্ষিত ৰখাৰ উদ্দেশ্যে এই পদক্ষেপ গ্রহণ কৰিছে বেংকটোৱে। এই নতুন পদ্ধতিত চেক জাৰি কৰােতাজনে নিজৰ একাউন্ট নম্বৰসহ বেংক সংক্রান্তীয় একাধিক তথ্য জমা দিব লাগিব। এই নিয়মৰ আওতাত প্রথমে উপভােক্তাসকলে এছ এম এছ, ম’বাইল এপ, ইণ্টাৰনেট বেংকিং,এটিএম আদিৰ মাধ্যমেদি নিজ নিজ জৰুৰী তথ্য যেনে নিজৰ একাউন্ট নম্বৰ, চেক নম্বৰ, চেকৰ ধনৰাশিৰ পৰিমাণ আদি বেংকক জমা দিব লাগিব।

চেক পেমেন্ট সময়ত গ্রাহকে দিয়া এনেবােৰ  তথ্যৰ স’তে মিলাই চাইহে একাউণ্টৰ পৰা ধন মােকলাই দিব বেংকে। সন্দেহজনক যিকোনাে বিসংগতি দেখা পালে তেনে চেকৰ পেমেন্ট বন্ধ কৰি দিয়া হ’ব। উল্লেখ্য যে কেইমাহমান পুর্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে চেক পেমেণ্টৰ বাবে এই পজিটিভ পে ছিষ্টেম জাৰি কৰাৰ সিদ্ধান্ত ঘােষণা কৰিছিল। আৰ বি আইৰ গভর্ণৰ শক্তিকান্ত দাসে যােৱা আগষ্টতে বেংকৰ গ্ৰাহকসকলে সেকৰ ধনৰাশি জমা হােৱাৰ সময়ত সঘনে জালিয়াতিৰ চিকাৰ হোৱা সমস্যাৰ সমাধানস্বৰূপে দেশৰ সকলােবােৰ বেংককে এই ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিছিল। বর্তমানলৈ অৱশ্যে একমাত্র ভাৰতীয় ষ্টেট বেংকেই আৰ বি আইৰ এই নিয়ম প্ৰৱর্তন কৰিছে।

Exit mobile version