প্ৰচণ্ড শীতক নেওচি বস্ত্ৰ বৰ্জন কৰি প্ৰতিবাদ কৃষকসকলৰ

loq65trk farmer protest delhi

দিল্লীত আজি পুৱাই গভীৰ বৃষ্টিপাত হয় । ফলত তাপমাত্ৰা আঠ ডিগ্ৰী কমি যায় । ছেপ্টেম্বৰত বিধানসভাত পাছ কৰা নতুন কৃষি আইন বিলৰ দিল্লী সীমান্তত কৃষকসকলে আজি ৩৯ দিনে প্ৰতিবাদ সাব্যস্ত কৰি আছে । প্ৰচণ্ড শীতকো নেওচি তেওঁলোকে দিল্লী সীমান্তত ‘জয় জৱান, জয় কিষান’ ধ্বনি দি প্ৰতিবাদ কৰি আছে । ছিংঘু সীমান্তত প্ৰতিবাদ কৰি থকা পঞ্জাৱৰ প্ৰতিবাদী কৃষক হৰজিৎ সিং জ’হালে (৪৬) কয়, ‘শীতকালত আমি যেতিয়া খেতি পথাৰত পানী দিওঁ তেতিয়া অধিক কষ্ট হয় ।

এই বতৰে আমাৰ আন্দোলনত প্ৰভাৱ পেলাব নোৱাৰে। ‘ছিংঘু সীমান্তৰ বাহিৰেও জ’হালৰ দৰে গাজিপুৰ, টিকৰি, চিল্লা আৰু ছেহজাগপুৰত আন বহুতো কৃষকে প্ৰতিবাদ কৰি আছে । দিল্লী-নইডাৰ চিল্লা সীমান্তত প্ৰতিবাদ কৰি থকা কিছুসংখ্যক কৃষকে তেওঁলোকৰ গাৰ কাপোৰ খুলিছে চৰকাৰৰক তীব্ৰ প্ৰতিবাদৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ । চিল্লা সীমান্তত প্ৰতিবাদ কৰি থকা কৃষক ডদ্দন সিঙে কয়, ‘সমস্যাৰ সন্মুখীন হ’বলৈ কৃষকে কেতিয়াও লাজ নকৰে ।

যদি আমাৰ দাবী পূৰণ নকৰে মই ২৬ জানুৱাৰীতো এনেদৰে কুচকাৱাজ কৰিম ।’ তেওঁ উত্তৰ প্ৰদেশৰ বৰাবাংকি জিলাৰ অধিবাসী । ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত কৃষকসকলে ‘কিষান কুচকাৱাজ’ বুলি ট্ৰেক্টৰ ৰেলী উলিওৱাৰ হুংকাৰ দিছে । সিংঘুৰ আন্দোলন স্থলত কৰ্মৰত হেমকাণ্ট ফাউণ্ডেছনৰ স্বেচ্ছাসেৱক বাঘেল সিঙে জনায় যে, বৃষ্টিপাতৰ বাবে আন্দোলন স্থলত থকা ২০০ খন টেণ্ট সম্পূৰ্ণৰূপে ভৰ্তি হৈ পৰিছে ।

তেওঁৰ সংগঠনে আজি ছাহজাহানপুৰত আৰু কেইখনমান টেণ্টৰ ব্যৱস্থা কৰিছে । এনজিঅ’ খালচা এইড ইণ্ডিয়াই প্ৰতিবাদী কৃষকসকলক ১০ হেজাৰ ৰেইনক’ট আৰু অ-বৈদ্যুতিক গিজাৰো প্ৰদান কৰিছে ।চিল্লা সীমান্তত বস্ত্ৰ বৰ্জন কৰা প্ৰতিবাদী দুৰ্গেশ বৰ্মাই ‘জয় জৱান, জয় কিষান’ বুলি চিঞৰি প্ৰতিবাদ তীব্ৰতৰ কৰে । লগতে তেওঁ কয়, ‘যেতিয়ালৈ আমাৰ অন্তৰ-আত্মা জীৱিত হৈ আছে আমি এনে বতৰক ভয় নকৰো । আমাৰ অন্তৰ-আত্মাৰ এটাই দাবী নতুন কৃষি আইন প্ৰত্যাহাৰ ।’

Exit mobile version