শেষকৃত্যৰ বাবেও উভতাই নিদিলে পুত্ৰৰ নশ্বৰ দেহ

image 1

সেনাবাহিনীৰ স’তে এনকাউণ্টাৰত নিহত পুত্ৰ । কিন্তু প্ৰশাসনে নিহত ‘সন্ত্ৰাসবাদী’ পুত্ৰৰ নশ্বৰ দেহ প্ৰদান কৰা নাই পৰিয়ালক । সেনাবাহিনীয়ে সন্ত্ৰাসবাদীজনৰ শৰীৰটো কোনো অজ্ঞাত স্থানত সমাধিস্থ কৰে । পুত্ৰৰ শৰীৰৰ অপেক্ষাত দিন গণনা কৰি আছে পিতৃয়ে । চকুৰ পানী মছি পাৰিবাৰিক সমাধিস্থলত সন্তানৰ বাবে কবৰ খুন্দি ৰাখিছে পিতৃয়ে । তাতেই তেওঁ একমাত্ৰ পুত্ৰৰ শেষশয্যা সজাব বিচাৰে ।

বিগত বুধবাৰে শ্ৰীনগৰৰ লাগোৱা লাইপোৰা অঞ্চলত আতাৰ মুস্তাক, জুবেৰ আহমেদ আৰু আজাজ আহমেদ নামৰ তিনি যুৱক নিহত হয় । সেনাৰ দাবী তেওঁলোক তিনিজনে শ্ৰীনগৰ-বাৰামুলা ঘাইপথত বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছিল । সেনাই দাবী কৰে যে, তেওঁলোকৰ পৰা এটা এছল্ট ৰাইফল আৰু দুটা পিষ্টল উদ্ধাৰ কৰা হৈছে ।

কিন্তু সেনাৰ এই দাবী মানিবলৈ অস্বীকাৰ কৰে পৰিয়ালবৰ্গই । তেওঁলোকে দাবী জনায় যে তিনিজন যুৱকেই নিৰ্দোষী । ভুৱা অভিযোগত তেওঁলোকক হত্যা কৰা হৈছে বুলিও দাবী কৰে পৰিয়ালৰ লোকসকলে ।

নিহতসকলৰ ভিতৰত আতাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ।এনকাউণ্টাৰৰ চাৰি দিন পাৰ হৈ যোৱাৰ পাছতো তিনি যুৱকৰ মৃত দেহ পৰিয়ালক দিয়া নাই সেনাবাহিনীয়ে ।

প্ৰশাসনিক সূত্ৰ অনুসৰি, সোনমাৰ্গৰ কোনো অজ্ঞাত স্থানত দেহকেইটা সমাধিস্থ কৰা হৈছে । কিন্তু নিহত যুৱককেইজনৰ পৰিয়ালে মৃতদেহ ঘূৰাই দিয়াৰ দাবী কৰে । পুত্ৰৰ বাবে কবৰ খুন্দি ৰাখিছে আতাৰৰ পিতৃ মুস্তাক আহমেদে অৱানিয়ে । তেওঁ কয়, ‘মই পুত্ৰৰ দেহ উভতাই দিয়াৰ অপেক্ষাত থাকিম যাতে পাৰিবাৰিক সমাধিস্থলত তেওঁৰ দেহ থৈ দিব পাৰো ।’

অৱানিৰ দাবী, ‘মোৰ পুত্ৰ নিৰ্দোষী । তেওঁক ভুৱা অভিযোগত হত্যা কৰা হৈছে ।’ নিজে খুন্দা কবৰতে শেষবাৰৰ বাবে পুত্ৰক শোৱাই দিব বিচাৰে তেওঁ । পুত্ৰৰ দেহ উভতাই আনিবৰ বাবে আৰক্ষী বিষয়াকো লগ কৰিব বিচাৰে তেওঁ । তেওঁ কয়, ‘যদি পুত্ৰৰ দেহ উভতাই নিদিয়ে মই আত্মহত্যা কৰিম ।’

Exit mobile version