২০২১ত সােণৰ দাম ৬৩ হেজাৰ টকা পর্যন্ত উর্ধ্বগামী হােৱাৰ সম্ভাৱনা

1 785

আপদীয়া ক’ভিডৰ বাবে বিনিয়ােগৰ বজাৰখনত ভিৰ তেনেই সেৰেঙা হােৱা দেখা গৈছিল সদ্যসমাপ্ত বৰ্ষটোত। বিনিয়ােগৰ শংকা পৰিলক্ষিত হৈছিল সােণ, ৰূপ, প্লেটিনামৰ দৰে মূল্যবান ধাতু কিনিব বুলি ভাবি থকাসকলৰ মাজতাে। পিছে নতুন বছৰটোৰ আৰম্ভণিতে সােণৰ নামত বিনিয়ােগ কৰাসকলৰ বাবে শুভ সংবাদ লৈ আহিছে বজাৰ বিশেষজ্ঞসকলে। কৰ’না কালত বিনিয়ােগৰ পথাৰখনত সাৱধানে খােজ পেলােৱাসকলে ২০২১ত সােণক অন্ততঃ চকু মুদি বিশ্বাস কৰিব পাৰে।

কিয়নাে নতুন বছৰটোত সােণৰ দাম বিপুল পৰিমাণে বঢ়াৰ সংকেত দিছে বিশেষজ্ঞসকলে। বিশেষজ্ঞসকলে অনুমান কৰা মতে, নতুন মার্কিন ষ্টিমুলাছ পেকেজৰ প্ৰভাৱতে প্রতি ১০ গ্রাম সােণৰ দাম এম চি এক্সত সর্বাধিক ৬৩ হেজাৰ টকা পর্যন্ত ঊর্ধ্বগামী হােৱাৰ সম্ভাৱনাই দেখা দিছে। ভাৰতীয়সকলৰ মাজত সােণৰ গুৰুত্ব কিমান বেছি তাক আৰু ন দি কোৱাৰ প্রয়ােজন নাই। সাধাৰণ গৃহস্থৰ পৰা আৰম্ভ কৰি বিনিয়ােগকাৰীলৈ সকলােৱে অনিশ্চিত সময়তাে সােণৰ সর্বাধিক নিৰাপদ বিনিয়ােগৰ উৎস বুলি জ্ঞান কৰে যাৰ বাবেই মূলতঃ প্রতি বছৰে এই মূল্যৱান ধাতুবিধৰ দাম বাঢ়িয়েই গৈ আছে ভাৰতীয় বজাৰত।

২০২১তাে ইয়াৰ ব্যতিক্রম নহয় বুলি পূর্বানুমান কৰিছে বিশেষজ্ঞ মহলে বিশেষকৈ মার্কিন ষ্টিমুলাছ পেকেজৰ প্রত্যাশা আৰু মার্কিন ডলাৰৰ দুর্বল স্থিতিয়ে এই ধাতুক আৰু অধিক মূল্যৱান কৰি তুলিব বুলি অনুমান কৰা হৈছে। পূর্বানুমান মতে, পূর্ব সকলাে অভিলেখ ভংগ কৰি এই বছৰ ভাৰতীয় বজাৰত প্রতি ১০ গ্রাম সােণৰ দামে ৬৩ হেজাৰ টকাৰ নতুন মাইলৰ খুঁটি স্পর্শ কৰিব পাৰে। স্মর্তব্য, ক’ভিড মহামাৰীৰ ফলত বিশ্বজুৰি অর্থনৈতিক আৰু সামাজিক অস্থিৰতাৰ মাজতে বিগত বছৰটোৰ আগষ্টত হালধীয়া ধাতুবিধৰ দাম ভাৰতৰ এম চি এক্সত প্রতি ১০ গ্রামত ৫৬,১৯১ টকালৈ ঊর্ধ্বগামী হৈছিল।

সমান্তৰালভাৱে আন্তর্জাতিক বজাৰতাে প্রতি আউন্স সােণৰ দাম বাঢ়ি ২,০৭৫ মার্কিন ডলাৰ স্পর্শ কৰিছিল। বিগত এটা বছৰত সােণৰ দাম সামগ্রিকভাৱে বাঢ়িছে প্রায় ২৩ শতাংশ। বিশেষজ্ঞসকলৰ মতে, ষ্টিমুলাছ পেকেজ ঘােষণাৰ ফলত মার্কিন ডলাৰৰ মূল্যৰ পতন ঘটিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সােণৰ মূল্যবৃদ্ধিত ইতিবাচক প্রভাৱ পৰিব। মনকৰিবলগীয়া যে বিগত কে’বাবছৰ ধৰি ভাৰতত সােণৰ বাৰ, মুদ্রা, গহনা ইত্যাদি চাহিদা কমিছে।

বিশ্ব স্বর্ণ পৰিষদ (ৱর্ল্ড গল্ড কাউন্সিল)ৰ পৰিসংখ্যা অনুসৰি, যােৱা জুলাই-ছেপ্টেম্বৰ ত্রিমাসিক অন্তত দেশীয় বজাৰত সােণৰ চাহিদা ৪৯ শতাংশৰ তললৈ নামিছিল। ইয়াৰ মূল কাৰণ আছিল বজাৰত হালধীয়া ধাতুবিধৰ জুই- ছাই দাম আৰু লজিষ্টিক সমস্যা। অৱশ্যে দাম বাঢ়িলেও ২০২১ বৰ্ষটোত ভাৰতৰ লগতে চুবুৰীয়া ৰাষ্ট্র চীনৰ বজাৰতাে ধাতুবিধৰ চাহিদা পুনৰ বৃদ্ধি হােৱাৰ আশা আছে বুলি সম্ভাৱনা প্রকাশ কৰিছে বিশেষজ্ঞসকল।

Exit mobile version