ৰঙা পৰুৱাৰ চাটনিয়ে বাধা দিব কৰ’নাক

chhapra ant chutney copy compressor

কৰ’নাৰ পৰা উপশম পাবলৈ ঘৰে ঘৰে প্ৰস্তুত কৰা হৈছে বিভিন্ন বন দৰব । এনে সময়তে চৰ্চালৈ আহিছে পুৰণি কবিৰাজি হোমিঅ’পেথি আদি নানা পথ্যৰ নামো । কিন্তু শেহতীয়াকৈ সকলোৰে দৃষ্টিলৈ আহিছে ৰঙা পৰুৱাৰ চাটনি । দাবী কৰা হৈছে যে এই চাটনিত কৰ’নাক বাধা দিব পৰা উপাদান আছে । এতিয়া এই বিষয়ত বিস্তাৰিতভাৱে জনাবলৈ আয়ুস মন্ত্ৰণালয়ক নিৰ্দেশ দিছে ওড়িষা উচ্চ ন্যায়ালয়ে ।

উল্লেখ্য যে ওড়িষা আৰু ছত্তিশগড়ৰ আদিবাসী লোকসকলে ৰঙা পৰুৱাৰ চাটনি খাদ্যৰ লগত গ্ৰহণ কৰি আহিছে । ৰঙা পৰুৱাৰ লগত কেঁচা জলকীয়া মিহলাই সৃষ্টি কৰা এই মিশ্ৰণ জ্বৰ, পানী লগা, কাহ আদিৰ দৰে ৰোগক বাধা দিয়াত ভীষণভাৱে উপকাৰী বুলি আদিবাসীসকলে দাবী কৰিছে । এই মিশ্ৰণৰ দ্বাৰা কৰ’নাক বাধা দিব পৰাৰ সক্ষমতাৰ সন্দৰ্ভত ওড়িষাৰ বাৰিপদৰ অভিযন্তা নয়াধৰ পাধিয়ালে জানিব বিচাৰিছে ।

অভিযন্তাজনে যোৱা জুনতে আয়ুস মন্ত্ৰণালয়ৰ পৰা জানিবলৈ বিচাৰিছিল প্ৰকৃততে এই মিশ্ৰণে কৰ’না ভাইৰাছক বাধা দিয়াত কিমানদূৰ কাৰ্যকাৰী । অৱশ্যে আয়ুস মন্ত্ৰণালয়ে এই বিষয়ত কোনো কথা নজনালে । সেয়েহে অভিযন্তাজনে ওড়িষা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।

মিশ্ৰণক লৈ আয়ুসক গৱেষণা কৰাৰো প্ৰস্তাৱ দিছিল অভিযন্তাজনে । ন্যায়ালয়ত অভিযন্তাজনে আবেদন কৰাৰ পাছত এতিয়া ন্যায়ালয়ে আয়ুস তথা কাউন্সিল ফৰ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ (চি এছ আই আৰ)ক এই বিষয়ত তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । অৱশ্যে ন্যায়ালয়ে আবেদনখন খাৰিজ কৰে । আবেদনৰ বিষয়ক লৈও কোনো মতামত নিদিলে ন্যায়ালয়ে ।

আবেদনকাৰী অভিযন্তাজনে জনোৱা অনুসৰি ৰঙা পৰুৱাৰ চাটনিত ফৰমিক এছিড, প্ৰ’টিন কেলচিয়াম, ভিটামিন বি-১২, জিংক, আইৰণ আদিৰ দৰে উপাদান আছে । এই উপাদানবিলাকে ৰোগ প্ৰতিৰোধৰ শক্তি বৃদ্ধি কৰে । অধিবাসীসকলৰ মাজত এই চাটনিৰ যথেষ্ট চাহিদা আছে ।

এই চাটনিৰ বাবেই আদিবাসীসকল কৰ’নাৰ দ্বাৰা কমকৈ সংক্ৰমিত হোৱাৰো দাবী কৰা হৈছে । অভিযন্তাজনে ধাৰণা কৰা অনুসৰি গৱেষণাগাৰত প্ৰমাণিত হ’লে এই চাটনিৰ দ্বাৰা কৰ’নাক বাধা দিয়াটো সম্ভৱ হৈ উঠিব ।

Exit mobile version