ভাৰতত ৩৮ জন লোক ক’ভিডৰ ন ষ্ট্ৰেনত আক্ৰান্তঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

coronavirus testing

ব্ৰিটেইনত চিনাক্ত হোৱা নতুন ষ্ট্ৰেনত আক্ৰান্ত ৩৮ জন ভাৰতীয়ৰ ভিতৰত নতুন দিল্লীৰ নেছনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল (এন চি ডি চি)ত আঠজনৰ নমুনাত পোৱা গৈছে, দিল্লীৰ ইনষ্টিটিউট অৱ জিনমিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়’ল’জি (আই জি আই বি)ত ১১ জন, কল্যাণি (কলকতাৰ নিকতৱৰ্তী) নেছনেল ইনষ্টিটিউট অৱ বায়’মেডিকেল জিনমিক্স (এন আই বি এম জি)ত এজন, পোনেৰ নেছনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি’ত পাঁচজন, হাইদৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়’ল’জি (চি চি এম বি)ত তিনিজন আৰু ১০ জনক বেংগালুৰুৰ নেছনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিউৰ’ ছাইন্সেচ হাস্পতাল (এন আই এইচ এ এন এছ)ৰ বুলি সন্দেহ কৰা হৈছে ।

মন্ত্ৰণালয়ে জনোৱা অনুসৰি, নতুন ষ্ট্ৰেনত সংক্ৰমিত হোৱা লোকসকলক স্ব-ৰাজ্যৰ চৰকাৰৰ দ্বাৰা অভিহিত স্বাস্থ্যসেৱাযুক্ত একক কক্ষত আইশ্ব’লেছনত ৰখা হৈছে । তেওঁলোকৰ সংস্পৰ্শত অহা ঘনিষ্ঠ সকলকো কোৱাৰেনটাইনত থাকিবলৈ দিয়া হৈছে । নতুন ষ্ট্ৰেন ‘জিনম’ত আক্ৰান্ত হোৱা ৩৮ জন লোকৰ সহযাত্ৰীৰো অনুসন্ধান চলাইছে মন্ত্ৰণালয়ে ।

মন্ত্ৰণালয়ে কয়, ‘পৰিস্থিতি নিয়ন্ত্ৰণত আছে । ৰাজ্যসমূহক আই এন এছ এ চি অ’ জি গৱেষণাগাৰত পৰীক্ষণৰ নমুনাসমূহ প্ৰেৰণৰ বাবে নিয়মিত পৰামৰ্শ দিয়া হৈছে ।’

ব্ৰিটেইনত চিনাক্ত হোৱা নতুন ষ্ট্ৰেনৰ উপস্থিতি ডেনমাৰ্ক, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, ইটালী, ছুইডেন, ফ্ৰান্স, স্পেইন, ছুইজাৰলেণ্ড, জাৰ্মানী, কানাডা, জাপান, লেবানন আৰু ছিংগাপুৰে ইতিমধ্যে সদৰী কৰিছে ।

সূত্ৰ অনুসৰি ভাৰত চৰকাৰে ইতিমধ্যে নতুন ষ্ট্ৰেনৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে প্ৰতিৰোধমূলক কৌশল প্ৰস্তুত কৰিছে ।

এই কৌশল অনুসৰি ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহা বিমানসমূহ সাময়িকভাৱে ২৩ ডিচেম্বৰৰ পৰা সাত জানুৱাৰীলৈকে স্থগিত ৰখা হৈছে । ব্ৰিটেইনৰ পৰা অহা সমূহ যাত্ৰীয়ে আৰটি-পিচিআৰ পৰীক্ষণ কৰোৱা বাধ্যতামূলক । নৰ পৰা ২২ ডিচেম্বৰৰ ভিতৰত অহা যাত্ৰীক ক’ভিড-১৯ত প’জিটিভ পোৱা গ’লে নতুন ষ্ট্ৰেনৰ চিনাক্তকৰণ কৰিবৰ বাবে জিনম ছিকুৱেন্সিং কৰা হ’ব।

Exit mobile version