প্ৰিয়ংকা গান্ধীৰ স্বামীৰ গৃহত আয়কৰৰ দল

priyanka robert 1493351897

লণ্ডনত বেনামী সম্পত্তি কিনা-বেচাৰ অভিযোগত নতুনকৈ আয়কৰৰ তদন্তৰ সন্মুখীন হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ৱাধ্ৰা ।

এই গোচৰৰ ক্ষেত্ৰত ৱাধ্ৰাৰ ভাষ্য গ্ৰহণৰ বাবে আয়কৰ বিভাগৰ বিষয়াসকল তেওঁৰ বাসগৃহত উপস্থিত হয় বুলি সূত্ৰত প্ৰকাশ । ইয়াৰ পূৰ্বেও তেওঁক বিভাগে তলব কৰিছিল যদিও কৰ’না অতিমাৰীৰ কাৰণ দৰ্শাই তেওঁ বিষয়টো এৰাই চলিছিল ।

ইয়াৰ পাছত কালি পূব দিল্লীত সুখদেৱ বিহাৰত ৱাধ্ৰাৰ বাসগৃহত বিষয়াসকল উপস্থিত হয় । লণ্ডনত বেনামী ঘৰ আৰু ফ্লেট কিনা-বেচাত অভিযুক্ত প্ৰিয়ংকাৰ স্বামী ।

২০০৫ৰ পৰা ২০১০ লৈ এই পাঁচ বছৰৰ ভিতৰত সম্পত্তিসমূহৰ হস্তান্তৰ হয় । তদন্তকাৰীসকলে লণ্ডনৰ ১২ ব্ৰায়েনষ্ট’ন স্কোৱেৰৰ এটি বিলাসবহুল ঘৰত দৃষ্টি নিক্ষেপ কৰিছে ।

অভিযোগ অনুসৰি এই সম্পত্তি আছে প্ৰিয়ংকাৰ স্বামীৰ নামত । সম্প্ৰতি এই গোচৰত আগতীয়া জামিন লাভ কৰিছে ৱাধ্ৰাই । তেওঁ দাবী কৰে যে সমগ্ৰ অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ।

Exit mobile version