মনােলিথ : বিশ্ব প্রান্তে প্রান্তে ৰহস্য উদ্ভৱ হােৱাৰ দৰেই অন্তর্ধানাে হৈছে

the hidden meaning in the mysterious monoliths appearing and disappearing around the world

কৰ’নাৰ আতংকৰ সমান্তৰালভাৱে ২০২০ বৰ্ষটোত চাঞ্চল্য সৃষ্টি কৰে মনােলিথ’-এ। বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্ষৰ শেষৰ ফালে হঠাতে প্রত্যক্ষ কৰা হয় এই ৰহস্যজনক সামগ্ৰীবিধ। সবাতােকৈ ডাঙৰ কথা এই ৰহস্যজনক সামগ্ৰীবিধ যেনেদৰে প্রত্যক্ষ কৰা হৈছি তেনেদৰেই ই অন্তর্ধানাে হৈ পৰিছিল; কিন্তু এনে ৰহস্যৰ পাছত লুকাই থকা কোনাে কথা বর্তমানলৈ পােহৰলৈ অহা নাই। উল্লেখ্য যে ‘ম’নাে’ শব্দটো আহিছে গ্রীক ‘ম’নােচ’ৰ পৰা।ইয়াৰ অৰ্থ হ’ল ‘এক’। এটি ডাঙৰ শিল অথবা শিলাখণ্ডৰ অৱস্থানক মনােলিথ বুলি কোৱা হয়।

বহু সময়ত ডাঙৰ পাহাৰ ক্ষয় হৈ মনােলিথৰ আকাৰ ধাৰণ কৰে। বিশ্বৰ বৃহত্তম প্রাকৃতিক মনােলিথ আছে অষ্ট্রেলিয়াৰ উলুৰুত। ইয়াৰ লগতে গ্ৰীচৰ ৰােডছ দ্বীপ, নামিবিয়াৰ ব্ৰেণ্ডবার্গ পাহাৰ তথা ব্রাজিলৰ ৰিঅডি জেনেৰিঅ’ৰ গাভিয়াত প্রাকৃতিকভাৱে সৃষ্ট মনােলিথ উদ্ধাৰ হৈছে। বাংগালুৰুৰ পৰা ৬০ কিলােমিটাৰ উত্তৰৰ শাওন দুর্গা’ টিলা ভাৰত তথা বিশ্বৰ উল্লেখযােগ্য মনােলিথ। প্ৰকৃতিৰ সমান্তৰালভাৱে মানুহৰ হাতৰ পৰশতাে সৃষ্টি হৈছে মনােলিথৰ। এনে মনােলিথে যােৱা কে’বামাহ ধৰি চাঞ্চল্যৰ কেন্দ্ৰ হৈ আহিছে।

সাম্প্রতিক সময়ত প্রথমে কৃত্রিম মনােলিথৰ খবৰ আহে মার্কিন যুক্তৰাষ্ট্ৰৰ উটাহৰ পৰা। চান জুৱান কাউন্টিৰ উত্তৰে বেলেপাথৰৰ গিৰিখাতত ন ফুট আঠ ইঞ্চিৰ এখন ধাতৱ ‘প্লেট’ৰ দৰে সামগ্রী উদ্ধাৰ হয়। জনশূন্য এই স্থানত ২০১৬ জুলাই অথবা অক্টোবৰৰ মাজৰ এটা সময়ত মনােলিথ উদ্ধাৰ কৰা হৈছিল। অৱশ্যে ঘটনাটো পােহৰলৈ আহে ২০২০ৰ নৱেম্বৰত। প্রাণী বিজ্ঞানীকেইজনমানে অঞ্চলটোৰ ওপৰৰে হেলিকপ্টাৰৰ যােৱাৰ সময়ত মনােলিথ চকুত পৰে। উলম্ব তথা ত্রিকোণযুক্ত মনােলিথ ষ্টেইনলেছ ষ্টিল অথবা এলুমেলিয়ামৰে প্ৰস্তুত কৰা বুলি ধাৰণা কৰা হৈছে।

জনশূন্য স্থানত এই মনােলিথ ক’ৰ পৰা আহিল তাক লৈ ইতিমধ্যে ব্যাপক আলােচনা হৈছে। আন গ্রহৰ পৰা এই প্লেট অহা বুলিও বহুতে দাবী কৰিছে। প্রথমে চকুত পৰা হেলিকপ্টাৰৰ পাইট ব্রেট হাছিংছৰ মতে কোনাে শিল্পীয়ে ইয়াক সৃষ্টি কৰিছে। পাইলটজনৰ মতে ২০০১ এ স্পেছ অডিচি’ চলচ্চিত্ৰখনৰ কোনাে ভক্তই এই মনােলিথখন প্রস্তুত কৰিছে। ছ’চিয়েল মিডিয়াতাে সম্প্রতি এই বিষয়ত বিস্তৃতভাৱে আলােচনা হৈছে। উৎসাহী বহু লােকে মনােলিথৰ দৰ্শনৰ বাবেও গৈছে; কিন্তু দর্শনৰ আশা কম সংখ্যৰহে পূর্ণ হয়। যিদৰে দৃষ্টিগােচৰ হৈছিল তেনেদৰেই অন্তর্ধানাে হৈ পৰে।

অন্তর্ধান হৈ ক’লৈ গ’ল তাক লৈয়াে আলােচনা হৈছে যথেষ্ট। উটাহৰ স্থানীয় প্রশাসনৰ দ্বাৰা কৰা ধাৰণা অনুসৰি মনােলিথ প্ৰকৃততে এটি শিল্পকর্ম। কিন্তু ৰাজহুৱা ভূমিত এনেদৰে মনােলিথ থৈ যােৱাটো আইন বিৰুদ্ধ কাম। লাগিলে পৃথক গ্রহৰ প্রাণীয়েই কৰক এই কাম। উটাহৰ পাছত মৰক্কো, অষ্ট্রিয়া, বেলজিয়াম, চেক ৰিপাব্লিক, ফিনলেণ্ড, ফ্রান্স, জার্মানী, হাংগেৰী, ইটালী, নৰৱে, নেডাৰলেণ্ড,পােলেণ্ড, ৰােমানিয়া, স্পেইন, ছুইডেন, ইউক্রেইন,কানাডা, অষ্ট্রেলিয়া, ইৰানসহ বহুকেইখন দেশত মনােলিথ উদ্ধাৰ হৈছে। বাদ পৰি যােৱা নাই ভাৰতাে।

গুজৰাটৰ আহমদাবাদৰ অভিজাত অঞ্চল চিম্ফনি ফৰেষ্ট পার্কত কৃত্রিম মনােলিথ বনােৱা হৈছে। এই মনােলিথত কিছু কথা লিখাও আছে। স্বাভাৱিকতে ইয়াক লৈ আহমদাবাদবাসীয়ে আগ্রহে প্রকাশ কৰে। প্রথমে ৰহস্যৰ সৃষ্টি হলেও অধিক দীঘলীয়া নহ’ল এই ৰহস্য। চৰকাৰী ৰক্ষণাবেক্ষণত আছে পাকন। শীততাপ যন্ত্র নির্মাণ কৰা এক সংস্থাই এই দায়িত্ব নির্বাহ কৰিছে। এই মনােলিথ সাত ফুট ওখ। মনােলিথখনত সমগ্র উদ্যানখনেই প্রতিবিম্ব হৈ ধৰা দিয়ে। মনােলিথখন এতিয়া ‘চেলফি’ পইন্ট হিচাপে পৰিগণিত হৈছে। উদ্যানখনত মনােলিথখন সাজ-সজ্জাৰ অংগ হৈ পৰিছে; কিন্তু বিশ্বৰ অন্যান্য প্রান্তৰ মনােলিথক এতিয়াও ৰহস্য তথা উৎসুকতাৰ অৱসান হােৱা নাই।

Exit mobile version