কংগ্ৰেছ-আজমলে ধৰ্মীয় সংখ্যালঘু লোকক কৰিলে তৃতীয় শ্ৰেণীৰ নাগৰিক : অতুল বৰা

f6d664c0 91f3 4db8 a68e aed153c814f2

ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰান্তে প্ৰান্তে অসম গণ পৰিষদে দলীয় কৰ্মী সভা তথা জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি এক প্ৰবল জনজাগৰণ সৃষ্টি কৰাৰ সময়তে এইবাৰ বৰাক উপত্যকাতো বাজি উঠিল দলটোৰ ৰণদন্দুভি ।আজি বৰাকৰ আকাশে বতাহে হেজাৰ হেজাৰ ধৰ্মীয় সংখ্যলঘু লোকৰ কণ্ঠতো সমস্বৰে প্ৰতিধ্বনিত হ’ল কেৱল অগপ জিন্দাবাদ । সভাত উপস্থিত দলটোৰ সভাপতি মন্ত্ৰী অতুল বৰাই তেওঁৰ ভাষণেৰে কংগ্ৰেছ আৰু এই আই ইউ ডি এফক সমালোচনাৰে কৰে । কংগ্ৰেছৰ গাত ক’ৰনাতকৈয়ো ভয়াৱহ ভাইৰাছ লম্ভিছে কয়।লগতে তেওঁ কয় যে আজমলে বটলৰ পানীত ফু মাৰি, জৰা ফুকা কৰি চাৰিওফালে বেমাৰ বিয়পাই আছে । আজমলৰ এই পানী কংগ্ৰেছেও ঢোকে ঢোকে খাইছে । কিন্তু এইবেলি কংগ্ৰেছৰ বেমাৰ ভাল হোৱাৰ কোনো লক্ষণ নাই । কাৰণ কৰ’নাতকৈয়ো ভয়াৱহ ভাইৰাছ কংগ্ৰেছৰ গাত লাগিছেহে ।

সেইবাবে কংগ্ৰেছৰ পৰা পৰিত্ৰাণ পাবলৈ দলটোৰ ডাঙৰ ডাঙৰ নেতাই এতিয়া বিজেপি বা আন দললৈ ঢাপলি মেলিছে । কংগ্ৰেছৰ এই ভয়ংকৰ গৰাখহনীয়া ৰোধ হোৱাৰ আৰু কোনো সম্ভাৱনা নাই । কংগ্ৰেছ আৰু আজমলৰ এ আই ইউ ডি এফ দলে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু লোকক একেবাৰে তৃতীয় শ্ৰেণীৰ নাগৰিক কৰি পেলালে বুলি দাবী কৰি সভাপতি বৰাই কয় যে ইয়াৰ পৰা ধৰ্মীয় সংখ্যালঘু ৰাইজ উদ্ধাৰ হোৱাৰ একমাত্ৰ উপায় হৈছে সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ দল অসম গণ পৰিষদৰ পতাকাৰ তলত ঐক্যবদ্ধভাৱে সমবেত হোৱা ।

অসম গণ পৰিষদে আন জাতি জনগোষ্ঠীৰ উপৰি বৰাকৰ ধৰ্মীয় সংখ্যালঘু শ্ৰেণীৰ লোককো দলটোৰ মজিয়াত সম মৰ্যদা, সম অধিকাৰ, সম বিশ্বাস, সন্মান আৰু সমশ্ৰদ্ধা দিব । সেয়েহে অসম গণ পৰিষদৰ এই নতুন যাত্ৰাৰ সমভাগী আলগাপুৰবাসীও হ’ব লাগিব । বিজেপিৰ নেতৃত্বত অসম গণ পৰিষদ দলৰ মিত্ৰ জোটৰ চৰকাৰ দিছপুৰত আকৌ এইবাৰ হ’বই । যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাকৰো উন্নতি বিচাৰে তেন্তে আলগাৰপুৰৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু শ্ৰেণীৰ ৰাইজ অগপৰ মজিয়ালৈ আহক

। ইয়াত কংগ্ৰেছ- এআইইউডিএফ শক্তিশালী হোৱা মানে আকৌ বৰাক বা আলগাপুৰ সমষ্টিটো বহু পিচুৱাই যোৱা । কাৰণ শিয়ালৰ ডিঙিত মঙহৰ ভাৰ আৰি দিয়াৰ নিচিনা হ’ব । গতিকে আলগাপুৰবাসীয়ে কংগ্ৰেছ, এআই ইউ ডি এফক খেদিম বুলি আজিৰ পৰা প্ৰতিজ্ঞা বদ্ধ হওক, সংকল্প লওক । অগপই ধৰ্মীয় সংখ্যালঘু ৰাইজকো পূৰ্বৰ দৰে অনাগতো দিনতো সম মৰ্যদা দি স্বভিমান ৰক্ষা কৰিব আৰু অগপৰ মজিয়াত ধৰ্মীয় সংখ্যালঘু শ্ৰেণীৰ লোকে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যদা লাভ কৰিব । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত পৰ্বতসম দুৰ্নীতিৰে ঠিকাদাৰী বিভাগত পৰিণত কৰা কৃষি বিভাগত এতিয়া যুগন্তকাৰী পৰিবৰ্তন আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই

লগতে কয় যে কংগ্ৰেছৰ শাসনত দুৰ্নীতিয়ে আছিল প্ৰধান নীতি । সেইবাবে এপিএছচিকে ধৰি সকলো বিভাগতে অভাবনীয় দুৰ্নীতি বিয়পি পৰিছিল । যাৰ বাবে বৰাক উপত্যকাতো উন্নয়নৰ গতি স্তব্ধ হৈ পৰিছিল । কিন্তু এইখন চৰকাৰৰ দিনত দুৰ্নীতিক কঠোৰভাবে নিয়ন্ত্ৰণ কৰা হৈছে । সেইবাবে স্বাধীনতাৰ পাছত কংগ্ৰেছে বাৰে বাৰে টেঙা আম বেছি আৰু নানা কূট কৌশলেৰে ৰাইজকো টেঙা আম খুৱাই একাধিকবাৰ ক্ষমতালৈ আহিছিল যদিও এতিয়া আৰু সফল হব নোৱাৰে । কংগ্ৰেছৰ লগ লাগি আজমলেও ৰাইজক টেঙা আম খুৱাই দিছপুৰলৈ আহিব বিছাৰিছে যদিও ৰাইজ এতিয়া সজাগ সচেতন হ’ল ।

কংগ্ৰেছ – আজমলৰ টেঙা আম ৰাইজে নাখায় বুলি ইতিমধ্যে সংকল্প লৈছে । তাৎপৰ্যপূৰ্ণভাবে সমাৰোহত উপস্থিত অগপৰ হাইলাকান্দি জিলা বিধান পৰিষদৰ সভাপতি আফতাবউদ্দিন লস্কৰক উদ্দেশ্যি সভাপতি বৰাই কয় যে তেওঁৰ উথ্থানত বিৰোধী শক্তিয়ে ৰাজনৈতিক ষড়যন্ত্ৰ ৰচিছিল যদিও এই ষড়যন্ত্ৰ এতিয়া উফৰি গৈছে । আজিৰ সমাৰোহত দলটোৰ নেতা বিমলেন্দু সিংহ, সুনীল ডেকা, ড: তপন দাস, জিতু বৰগোহাঞি, সুদীপ দে, অংশুমান দত্ত, গুণমণি ভূঞা,ত্ৰিনয়ন বৰুৱা, চেলিমুদ্দিন লস্কৰ প্ৰমুখ্য অন্যান নেতা কৰ্মী উপস্থিত থাকে ।

Exit mobile version